Unspoken - নোকোৱাকৈ থাকি গ'ল

By JanmoonR

4.2K 377 186

I m Abhinita. I am a single mother of 5 years old boy. And I m 19. I was only daughter of my single mother. W... More

Author's note
মুখবন্ধ
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
৩২
৩৩
৩৪
৩৫
৩৬
৩৭
৩৮
৩৯
৪০
৪১
৪২
৪৩
৪৪
৪৫
৪৬
৪৭
৪৮
৪৯
৫০
৫২
৫৩
৫৪
৫৫
৫৬
৫৭
৫৮
৫৯
৬০
৬১
৬২
৬৩
৬৪
৬৫
৬৬
৬৭
৬৮
৬৯
৭০
৭১
৭২
৭৩
৭৪
৭৫
৭৬
উপসংহাৰ

৫১

58 4 1
By JanmoonR

মই এটা গলখেকাৰি মাৰি মায়ে কোৱা কথাবোৰ মনতে জুকিয়াই চালো। অনিতাই ব্যগ্ৰতাৰে মোলৈ চাই আছে। মই মায়ে কোৱাৰ দৰে কথাবোৰ ক’বলৈ আৰম্ভ কৰিলো।

- মা আৰু তোমাৰ পেহী হায়াৰচেকণ্ডেৰি পাছ কৰি বি এ অসমীয়া বিভাগত "জয়সাগৰ কলেজ"ত যুগদান কৰাৰ দিনৰ কথা। মাহঁতে হায়াৰচেকণ্ডেৰি "শ্ৰীমন্ত  শংকৰদেৱ কলেজ"ৰ পৰা পাছ কৰিছিল। সেয়ে এই কলেজত নতুন আছিল। মাহঁতে কেৱল মেঘালী বাইদেউ মানে তোমাৰ মাকহে চিনি পাইছিল। তোমাৰ মাৰ কৃপাত প্ৰথম সপ্তাহ ভালে কুশলে ক্লাচবোৰ কৰিব পাৰিলে। কিন্তু পিছৰ সপ্তাহৰ প্ৰথম দিনাই ৰেগিঙৰ এটা টিমে পাই গৈছিল মাহঁতক। সেইদিনা তোমাৰ মা কলেজলৈ অহা নাছিল।

- ৰেগিং বাহঃ। মোৰ বৰ ভাল লাগে ৰেগিংৰ কথাবোৰ শুনি।

- মমম। দুয়ো বান্ধবী কলেজ গেটৰ ভিতৰ সোমোৱাৰ লগে লগে চিনিয়ৰ ল’ৰা-ছোৱালীকেইজনমানে মাহঁতক ঘেৰি ধৰিলে। সকলোৱে মাহঁতক এটা কোঠালৈ লৈ গ’ল। তাত আগতেই কেইজনমান চিনিয়ৰ বহি আছিল। লগতে বিপ্লৱ দেউৰীও আছিল।  সকলোৱে মাহঁতলৈকে চাই আছিল। মাঁহতে নাৰ্ভাচ কৰিছিল। সিহঁত মাজৰ এজনে তোমাৰ পেহীলৈ  চাই সুধিলে

o নাম কি!

পেহীয়ে চুচুক-চামাক কৈ উত্তৰ দিলে

o জাহ্ণবী চাংমাই।

o তাৰ পাচত কি ক’ব লাগে নাযানা? ভদ্ৰতা, সন্মান শব্দবোৰ ঘৰত শিকোৱা নাই? চাৰ কোৱা৷

প্ৰায় ধমক দি ল’ৰা এজনে পেহীক ক’লে৷ পেহীয়ে কম্পিত মাতেৰে ক’লে

o চাৰ। ক্ষমা কৰিব চাৰ।

o মমম। তোমাৰ নাম কি?

আন এজনে মালৈ চাই সুধিলে৷ বান্ধৱীক ধমক দিয়াৰ বাবে ইতিমধ্যে মাৰ খং উঠি আহিছিল৷ সেয়ে উত্তৰ দিবৰ মন নথকাৰ দৰে ক’লে

o মাধবী৷

o মাধবী! ভদ্ৰতা নাযানা?

o মাধবী গোঁহাই।

o চিনিয়ৰক কেনেকৈ ব্যৱহাৰ কৰে নাযান? শেষত কি কব লাগে?

o জুনিয়ৰক কেনেকৈ ব্যৱহাৰ কৰে নাযানে?

o আঁৰে কি পিচ এইটো। ঘৰ ক’ত?

o কিয় লাগে! মই পঢ়িবলৈ আহিছো। আপোনালোক চিনিয়ৰে সহায় কৰি, মৰম কৰি আগবঢ়াই নিব লাগে। তাৰ সলনি আমাক ভয় খোৱাই পঢ়াৰ পৰা বিমুখ কৰিবলৈ চেষ্টা কিয় কৰিছে। এজনী ছোৱালী কিমান সাধনাৰ পাচত কলেজৰ এই পৰ্যায় পাইহি আপুনি কল্পনা কৰিব পাৰে জানো?

- বাহঃ তোমাৰ মা বৰ সাহসি আছিল দেখুন।

উৎফুল্লিত সুৰত অনিতাই কোৱা কথাত মই মূৰ দুপিয়াই কৈ গ’লো

- মমম। মইও প্ৰথমবাৰৰ বাবে গম পালো।

- তাৰ পাচত কি হ’ল।

- চিনিয়ৰ কেইজনে খং দেখুৱাই মাহঁতক ভয় খোৱাই কোৱা কথাৰ উত্তৰ মায়ে বৰ সাবধানে নিজৰ ভয় প্ৰকাশ নকৰাকৈ দিছিল। মাৰ সাহস দেখি ওঁঠত হাঁহি লৈ দুখোজ আগুৱাই আহি বিপ্লবে সুধিলে

- বিপ্লব? বিপ্লৱ দেউৰী?

অনিতাই চকুকেইটা ডাঙৰকৈ মেলি মোক সুধাত মই পুনৰ মূৰ দুপিয়াই ক’লো

- মমম। বিপ্লব দেউৰীয়ে সুধিলে

o কোনটো ব্ৰান্স।

o অসমীয়া।

o কেচুৱা ভাল পোৱানে?

o কেচুৱা? পাওঁ৷

- পানীখাই খালি হৈ থকা বটল এটা আনি মাৰ ওলমি থকা আচলটোত মোৰিয়াই পুনৰ ক’লে

o তোমাৰ কেচুৱা। কান্দিছে। নিচুকুৱা৷

- মায়েও আলফুলে কেচুৱালোৱাৰ দৰে বটলটো লৈ মৰম কৰিলে। তাৰ পাচত বিপ্লৱে আচলেৰে সৈতে বটলটো ধৰি থাকি পেহীলৈ চাই সুধিলে

o কি আছিলে নামটো তোমাৰ?

- সিহঁতৰ কাৰবাৰত তোমাৰ পেহীৰো খং উঠিছিল চাগে সেয়ে তেখেতে দৃঢ়তাৰে বিপ্লবৰ চকুলৈ চাই ক’লে

o মই জীৱিত চাৰ। আছিলি নহয়৷ আছো৷ জাহ্ণবী চাৰ৷

- পেহীক কথা শেষ কৰিবলৈ নিদি তেখেতে মাৰ আচলৰ পৰা বটলটো এৰুৱাই পকেটৰ পৰা ৰুমালখন উলিয়াই বটলটোত মেৰিয়াই বটলটো পেহীৰ ফালে আগবঢ়াই দিলে। এই গোটেই কাম কৰি থাকোতেঁ তেখেতে চকুৰ পলক নেপেলোৱাকৈ পেহীলৈ চাই আছিল। সেই চাৱনিত পেহীয়ে অলপ সংকিত হৈছিল। যদিও দেখুৱা নাছিল। বিপ্লৱ পেহীৰ একেবাৰে কাষলৈ আহি পেহীৰ হাতত বটলটো তুলি দি কৈছিল

o নিচুকণি গান এটা গাই কেচুৱাটো নিচুকুৱা।

- তোমাৰ পেহীৰ সুৰটো সেনু বৰ ধুনীয়া আছিল। তেখেতেও কেচুৱা লোৱাৰ দৰে বটলটো লৈ "আমাৰে মইনা শুব" গাবলৈ ধৰিলে। গানৰ মাজতে বটলৰ মেল খাই থকা মুখৰ পৰা পানী অলপ ওলাই পেহীৰ হাতত পৰিল। পেহীয়ে বটলটো দলিয়াই দিলে।

- কি কোৱা। তাৰ পাছত কি হ’ল?

ব্যগ্ৰতাৰে অনিতাই মোক সুধাত মই কৈ গ’লো

- সকলোৱে পেহীৰ গানত বিভুৰ হৈ আছিল। হঠাৎ হোৱা ঘটনাক হৃদয়ংগম কৰিবলৈ সময় লাগিল। লাহেকে বিপ্লব উঠি আহি পেহীক ধমক দি সুধিলে

o কিয় দলিয়ালা

পেহীয়ে এইবাৰ ভয় প্ৰকাশ হ’বলৈ নিদিয়াকৈ ক’লে

o পেচাব কৰি দিলে৷

o পেচাব কৰিলে কেচুৱাক দলিয়াই দিবা নি?

- পেহী নিমাত হৈ থকাৰ বাবে বিপ্লবে পেহীৰ আৰু অলপ কাষলৈ আহি সুধিলে

o কেচুৱাক এনেকে দলিয়াই নি?

এইবাৰ তেখেতৰ সুৰটো অলপ কোমল আছিল৷ উত্তৰত পেহীয়ে থেৰোঁ- গেৰোঁ কৈ ক’লে

o আপোনাৰ কেচুৱা। মোৰ কাপোৰ তিয়াই দিলে৷

o তোমাৰ নিজৰ কেচুৱাকো দলিয়াবানে?

o নাযানো৷

o আৰু আমাৰ কেচুৱাক?

- বিপ্লৱে পেহীৰ চকুত চকু থৈ কৰা প্ৰশ্নত কোঠাত বহি থকা সকলোৱে কিৰিলি পাৰিবলৈ ধৰিলে। পেহী নিমাত হৈ বিপ্লবৰ চকুলৈ চাই ৰ’ল।

- ওৱাও। তাৰ পাচত। তাৰ পাচত কি হ’ল?

বৰ ব্যগ্ৰতাৰে অনিতাই সুধা প্ৰশ্নত মই তাইলৈ চাই মিচিকিয়া হাঁহিৰে ক’লো

- তাৰ পাচত বেল পৰিল ক্লাচ কৰিবলৈ যাব লগা হ’ল।

- তাৰ পাচত?

- সেইয়াই আৰম্ভনি প্ৰথম চকুৰ মিলনতে তোমাৰ পেহীয়ে বিপ্লবক ভাল পায় পেলাইছিল। তাৰ পাচৰেপৰা পেহীয়ে বিপ্লৱক জুমি জুমি চাই চাই দিনবোৰ পাৰ কৰিছিল। সেইদিনাৰ পৰাই বিপ্লৱ দেউৰীও মাহঁতৰ প্ৰতি দৰদি হৈ পৰিছিল। আহোতে যাওতে সদায় খবৰ কৰিছিল। দিন বাগৰি বছৰ শেষ হ’বলৈ আহিছিল। কলেজৰ ইউনিয়নত তিনিও থকাৰ বাবে তিনিও যথেষ্ট সময় লগতে পাৰ কৰিছিল। এনেতে এদিন কিবা মিটিংৰ বাবে বিশিষ্ট অতিথি নিমন্ত্ৰণ কৰিবলৈ বিপ্লবে মোৰ মাক লৈ গ’ল। সেইয়া এটা অধ্যায়ৰ আৰম্ভনি।

- মানে?

- ঘূৰি অহাৰ পাচত তোমাৰ পেহীয়ে মাক নমতা হ’ল। বহু চেষ্টা আৰু তোমাৰ মাৰ সহায়ত অভিমান ভাগিল কিন্তু কাৰণটো পেহীয়ে প্ৰথমে কাকো কোৱা নাছিল। মায়ে তোমাৰ পেহীক হাড়ে সিমজুৱে চিনি পাইছিল। সেয়ে মায়ে নিজেই সুধিলে

o তই বিপ্লৱক ভাল পাওঁ ন?

-পেহীয়ে একো উত্তৰ নিদি মনে মনে ৰৈছিল। তেতিয়া মায়ে ক’লে

o মই বিপ্লৱৰ লগত কথা পাতিম ৰ’।

o নালাগে। সি তোক ভাল পায়।

o পাগল৷ কিয় ভাবিছ তেনেকৈ? তোক কৈছিলে সি?

o নাই কোৱা। কিন্তু মই গম পাওঁ৷

o কেনেকৈ?

o সকলোলৈ তোক লগত লৈ যায়। তোৰ ওচৰত বহে। যি ক’বলৈ থাকে তোক কয়। মোক কৈ দিবলৈহে কয়। মোক দেখুন সি নামাতেই।

o তোলৈ লাজ কৰে।

o কিয়?

o সি তোক ভাল পায়৷

o কি? কেনেকৈ জানিলি তই? মিছা কথা৷

o সচাঁ। তোক আমি অকল এদিনহে এৰি গৈছিলো। সেইদিনা গোটেই ৰাষ্টা সি কেৱল তোৰ কথাকে সুধি গৈছিল।

o সচাঁ। মোক বেয়া নাপাবি মই আকৌ কিবা বেলেগ হে ভাবি মন বেয়া কৰি আছিলো। তই তাক ভাল নাপাৱটো?

o পাওঁ। বন্ধুৰ দৰে। তাতকৈ বেছি একো নাই। তই যে তাক পচন্দ কৰ মই ৰেগিং ৰ দিনাই গম পাইছিলো। তাৰ পাচত মই কেনেকৈ?

o তই বেলেগ কাৰোবাক ভাল পাওঁ ন?

o কিয় ভাবিলি?

o নহয় মানে ককাইদেউক তই ভাল পাও যেন লাগে মোৰ। তাৰোপৰি সিও তোক পচন্দ কৰে। মই জানো। কিন্তু প্ৰকাশ কৰাত সি অলপ কেচাঁ।

মোৰ কাহিনীৰ মাজতে অনিতাই আচৰ্য্য প্ৰকাশ কৰি ক’লে

- বাহঃ ইমান ভাল বন্ধু আছি ন?

- মমম। আজিকালি তেনে বন্ধুত্ব পাবলৈ নাই। এজনীৰ ডিঙিত মাছৰ কাঁইট ফচিলেও আনজনীয়ে নোকোৱাকৈ বুজি পাইছিল।

- কি কোৱা তুমি?

- সচাঁ। তাৰ পাছত পৰীক্ষা শেষ হ’ল। মা মাজত থাকি পেহী আৰু বিপ্লৱৰ প্ৰেম আগবঢ়াই দিলে। ৰিজাল্টৰ পাছত বিপ্লৱ গুৱাহাটী গুচি গ’ল মাষ্টৰ পঢ়িবলৈ। পেহীৰ বিৰহ বেদনা হ’বলৈ ধৰিলে। মায়ে  বুজাই মেলি ৰাখে। বিহুৱে পক্ষেকে বিপ্লৱ আহিলে মা সিহঁতৰ লগত নোযোৱা হ’ল। এনেকৈ দুবছৰ পাৰ হ’ল। মাহঁতৰ পৰীক্ষা শেষ হোৱাৰ দিনা গাঁৱৰে শিক্ষক মোৰ দেউতাই মাক বিয়াৰ প্ৰপজেল দিলে। ঘৰে ঘৰে সকলো ৰাজি হ’ল। তেতিয়াৰ দিনত ছোৱালীৰ মতামতত ইমান গুৰুত্ব দিয়া নগৈছিল। মায়ে একো নোকোৱাকৈ সন্মতি দিয়াৰ দৰে হৈছিল। এনেতে এদিন গুৱাহাটীৰ পৰা কোনোবা বৰগোঁহাঞি উপাধিৰ এজনে তোমাৰ পেহীক চাবলৈও আহিল।

পুনৰ অনিতাই বিশ্লেষণ কৰি মোক ক’লে

- তাৰপাচত তেখেতে পেহীক পচন্দ নকৰি তোমাৰ মাক পচন্দ কৰিলে। নহয়নে?

- কথাটো তেনে নহয়। তেখেতে পেহীকেই পচন্দ কৰিছিল। কিন্তু পেহীয়ে তেখেতলৈ চিঠীৰ যোগেদি বিয়াখন ভাঙিবলৈ অনুৰোধ কৰিলত তেখেতে একো উপায় নাপায় মাক পচন্দ হোৱা বুলি কৈ দিলে। কাৰণ তেখেতে মাৰ বিয়া ঠিক হৈ থকাৰ কথা জানিছিল।
- পেহীয়ে! পেহীয়ে চিঠি দিছিল?

- মমম। তোমাৰ পেহীয়ে বিপ্লৱ দেউৰীক ভাল পায় আছিল যে। ডাঙৰ কথাটো কি জানা?

- কি! চিঠিখন কোনোবাই বেলেগেও পালে?

- মমম পালে। ঘৰৰ মানুহেই পালে। তাতো এটা ৰহস্য আছে।

- হে হৰি। মাহঁতৰো যে কিমান ৰহস্য আছিল?

- চিঠিখন লিখিছিল মোৰ মায়ে। তোমাৰ দেউতাই মাৰ হাতৰ আখৰ চিনি পায়।

- অ। চিঠিখন তেখেতে পালে তেন্তে! তেতিয়া কি হ’ল?

- তোমাৰ দেউতাই চাকৰিত যোগদান কৰাৰ পাচত প্ৰথমবাৰৰ বাবে পেহীৰ দৰা আহিব বুলি ঘৰলৈ আহিছিল৷ ল’ৰা দেউতাৰ চিনাকি৷ কোনোবা লগৰ ল’ৰাৰ ভায়েক৷ বৰ ভাল মানুহ বুলে৷ কিন্তু পেহীহঁতৰ কাণ্ডই তেখেতক আঘাত দিছিল৷ পেহীহঁতে কিয় এনে কৰিলে তেখেতে বুজিব পৰা নাছিল।

অনিতা ব্যগ্ৰতাৰে প্ৰশ্ন কৰিলে

- তেতিয়া দেউতাই কি কৰিলে?

- দুয়েজনীকে মাতি পঠালে। তেখেতে মনতে ভাবিছিল দুয়ো ন’লে-গ’লে লগা বান্ধবী কিজানীবা মোৰ মায়ে দৰাক ভাল দেখাৰ বাবে দুয়ো তেনে কৰিলে। পেহীয়ে বান্ধবীৰ মৰমতে নিজলৈ নহয় বান্ধবী বুলি ত্যাগ কৰিলে।

তেখেতে নিজকে সেই বুলিয়ে শান্তনা দিলে। কিন্তু

- কিন্তু কি?

অনিতাই সোনকালে ক্লাইমেক্স জনাৰ ইচ্ছাৰে সুধিলে৷ উত্তৰত মই ক’লো

- বিচাৰ চলিল দুয়োৰে ওপৰত। পেহী তোমাৰ দেউতাৰ বৰ মৰমৰ আছিল। তেখেতৰ চকুপানী দেখি দেউতাই বেছি একো নুশুধিলে। পেহীক বাহিৰ উলিয়াই দেউতাই মাক প্ৰশ্ন কৰিলে। মোৰ মায়ে প্ৰথম বাৰলৈ অকলে তোমাৰ দেউতাৰ সন্মুখিন হৈছিল।

অনিতা জিজ্ঞাসা বাঢ়ি গ’ল৷ তাই সুধিলে

- তাৰ পাচত কি হল?

- বিচাৰত কি হ’ল মায়ে ভালকৈ নক’লে। মুঠতে তাৰে কেইদিনমানৰ পাচতে মাৰ বিয়া আছিল। মায়ে সেইদিনা কান্দি কান্দি তোমালোকৰ ঘৰৰ পৰা গুচি আহিছিল বুলে। তাৰ পাচত কেইবাদিনো তোমালোকৰ ঘৰলৈ মা যোৱা নাছিল। আচলতে তাৰ পাচত মোৰ মা তোমালোকৰ পুৰণি ঘৰলৈ নগ’লেই কেতিয়াও। আজি পৰ্যন্ত নাই যোৱা।

- তাতো কিবা ৰহস্য আছে নেকি?

একেই জিজ্ঞাসাৰে তাই সুধিলে৷ উত্তৰত মই ক’লো

- জানো?

- বাৰু বাদ দিয়া৷ তাৰ পাচত কি হ’ল?

অনিতাৰ প্ৰশ্নৰ উত্তৰত মই ক’লো

- তাৰ পাচত তোমাৰ পেহীয়ে আত্মহত্যা কৰাৰ আগ দিনাৰ কথা। তেখেত আমাৰ ঘৰলৈ আহিছিল। আহি কান্দি কান্দি বাউলী হৈছিল।

- কিয়? তোমাৰ মাক মিচ কৰাৰ বাবে?

অনিতাই নিৰ্জু চাৱনিৰে মোলৈ চাই সুধাত মই ক’লো

- নহয়। বিপ্লৱ দেউৰী সন্ধানহীন হোৱাৰ বাবে।

Don't forget to commant and vote.
Please share with your friends.
Happy reading.😊

Continue Reading

You'll Also Like

12K 445 7
Waiting is a sign of true love and patience.Anyone can say I love you,but not everyone can wait and prove it's true.
92K 6.1K 24
"I didn't know his name, yet my day couldn't go on without seeing his smile, his face and his waive across the window" Kuhu is fascinated by the guy...
4.2K 580 30
🥀 Completed🥀 You all loved Mrinu and Biren and asked for a sequel... well this is your sequel. A story about two imperfect, incomplete souls stuck...
3.4K 307 17
What is love? Is it the light of your life? Or the darkness of the night, where you can't fall asleep? Or, to shades of crimson painted on your fin...