৩৮

31 5 1
                                    

আজি স্কুল ৯.৩০ ত পলোহি। আহোঁতে মনটো ভাল লাগি আহিল। অনিতাৰ ঘৰত আজি তলা ওলমি থকা নাই। তাইক দেখা নাপালো যদিও মনতে আশা ৰাখিলো তাই স্কুল আহিব। মোৰ কাষৰ চিটতো কোনেও নেদেখাকৈ মই মনে মনে মচি চাফা কৰি থলো। এনেতে গিৰি আহি সোমালহি। সি আহি মোৰ কাষৰ চিটতত বহিবলৈ লৈ ৰৈ গল। তাৰ পাচত সি মিচিকিয়া হাঁহি মাৰি মোৰ সোঁফাললৈ সোমাই গল। হৰেণ আৰু শ্যামল যেতিয়া আহিলে তেতিয়া গিৰিয়ে সিহঁতক বেলেগ চিটত বহিবলৈ বুজাই দিলে। তাৰ ইংগিতত সিহঁতিও হাঁহি হাঁহি আঁতৰি গল। মোৰহে কিবা গাল-মূৰ লাজত গৰম হৈ পৰিল। এনেতে প্ৰাৰ্থনাৰ বেল পৰিল। কিন্তু অনিতাৰ দেখা-দেখি নাই। এইবাৰ মোৰ ভয় বাঢ়ি গল। সকলোৱে কোৱাৰ দৰে তাইৰ দেউতাকৰ ট্ৰেন্সফাৰ হৈ গল নি! সেই ঘৰটোলৈ অন্য কোনোবা আহিলনি! মনটো ওগুল-থুগুল লাগি থাকিল। নিজৰ ওপৰতে খং উঠিল। কিয়যে এপাক ঘৰটোত সোমাই নাহিলো। তাকে ভাবি-গুণি প্ৰাৰ্থনাৰ বাবে ফিল্ডলৈ খোজ দিলো।

প্ৰাৰ্থনাৰ বাবে লাইনত ৰ’বলৈ লওতেই অনিতাক দেখা পালো। চাইকেল ষ্টেণ্ডত চাইকেল ৰখাই তাই মোৰ ফাললৈ দৌৰি আহি আছে। পেটৰ ভিতৰত পখিলাৰ নৃত্য আৰম্ভ হ’ল, মনটো নাচি উঠিল। মই তাইলৈ ৰৈ থাকি ঠাইতে থিয় হৈ ৰ’লো। কিন্তু তাই মোক নোচোৱাকৈ মোৰ কাষেৰে গিৰিৰ কাষত লাইনত থিয় হ’ল। মই সম্বিত ঘূৰাই পাই লাহেকৈ লাইনত সোমালো।
প্ৰাৰ্থনাৰ শেষত আমি সকলো নিজ নিজ ঠাইলৈ আহিলো কিন্তু অনিতা আমাৰ কাষত নবহি নিজে বাচি লোৱা আকলশৰীয়া চিটটোত বহিলেগৈ। তাই মোক সম্পূৰ্ণ অৱজ্ঞা কৰি থাকিল। কিয় মই বুজিব পৰা নাই। আমাৰ ক্লাচবোৰ আৰম্ভ হ’ল। এটাৰ পাচত এটা পিৰিয়ড চলি থাকিল কিন্তু তাই চকু তুলি মোলৈ এবাৰো নচালে। মই চুৰ চকুৰে তাইক লক্ষ্য কৰি থাকিলো কিন্তু অহংকাৰ আৰু লাজে মোক তাইৰ ওচৰলৈ যোৱাত বাধা দিলে। এনেতে পানী খোৱা চুটিৰ বেল পৰিল। তাই ঠাইতে বহি থাকিল। কিন্তু ক্লাচৰ ছোৱালীখিনিয়ে তাইক শান্তি নিদিলে। তাইৰ চাৰিওফালে বহি লৈ তাইক কটূ কথা শুনাবলৈ ধৰিলে। হাতেৰে থেলা-থেলিও কৰিলে। কিন্তু তাই নিশ্চুপ। এইবোৰ মই সহ্য কৰি থাকিব নোৱাৰিলো। সেয়ে মই মোৰ টিফিনটো হাতত লৈ তাইৰ ওচৰলৈ গৈ তাইৰ কাষত বহি ল’লো। মোৰ পিছে পিছে গিৰিও আমাৰ লগত বহি ল’লে। আমি দুয়ো তাইৰ কাষত বহি লোৱাৰ বাবে ক্লাচৰ ছোৱালীবোৰ নিজৰ ঠাইলৈ ঘূৰি আহিল। মই লাহেকে তাইলৈ চাই সুধিলো

- কিয় অকলে বহিলা?

- তোমাক সাহসি কৰিবলৈ।

- মই কিবা ভুল কৰিলো?

- নাই কৰা৷

- মোৰ কিবা কথাত বেয়া পালা?

- নাই৷

- সেইদিনা

তাই মোৰ মুখত আঙুলি এটা ৰাখি ক’লে

- অতিতৰ কথা ভাবি মই বৰ্তমান বেয়া নকৰো। সেইদিনাৰ কথা সেইদিনাই গ’ল। আচলতে সকলোৱে মই তোমাৰ কাষত বহিলে বেয়া পাই সেয়ে।

- মই ভাল পাওঁ৷

- কি? মোক?

তাইৰ প্ৰশ্নত মই থৎ মৎ খাই ক’লো

- তুমি মোৰ কাষত বহিলে আৰু অ’ তোমাক।

- দেখিছা! তুমি সাহসী হ’লা৷

- মানে?

- মনৰ কথা ওঁঠলৈ অনাৰ সাহস।

আমাৰ কথাৰ মাজতে গিৰিয়ে মাত দিলে

- হ’ব বেছি সাহসী বনাই থাকিলে আজি খাবলৈ নাপাবা। এতিয়া খাই লও। মোৰ ভোক লাগিছে। তুমি টিফিনত কি আনিছা।

গিৰিয়ে তাৰ টিফিন খোলি আমালৈ এটুকুৰা এটুকুৰা ৰুটি আগবঢ়াই দি ক’লে

- তেন্তে তহঁতৰ হ’ল?

- হ’ল মানে?

আমি দুয়ো সমস্বৰেৰে সুধিলো। সি উত্তৰত ক’লে

- আজি তহঁতৰ ভোক-পিয়াহ নালাগিব যেন পাইছো। সেয়ে টিফিনকেইটা মইয়ে খাই দিও।
তাৰ কথাত আমি তিনিও হাঁহি হাঁহি টিফিন খাবলৈ ল’লো। খাই থাকোতে গিৰিয়ে পুনৰ ক’লে

- ইমান সহজতে তই প্ৰস্তাৱটো দিবি আৰু তাই গ্ৰহণ কৰিব বুলি মই ভবাই নাছিলো।

- কি প্ৰস্তাৱ?

গিৰিক কথাত অনিতাই গিৰিলৈ চাই সুধিলে

- কিয় সি এই মাত্ৰ তোমাক ভাল পাও বুলি কোৱা নাই জানো!

- মই তাৰ কাষত বহিলে ভাল পাও বুলিহে কৈছে৷

- অ’ তুমি মানে আৰু অলপ ভালকে কোৱাটো বিচাৰিছা।

- মানে?

- বুজা নাই সি তোমাৰ প্ৰেমত পৰিছে। তুমি কি ভাবা! আমাৰ স্কুলৰ আটাইতকৈ ভাল ল’ৰা সি।

গিৰিৰ স্পষ্ট কথা শুনি মই মূৰ তুলি অনিতাক চাব পৰা নাছিলো। তাইৰো একে দখা হৈছিল যেন লাগে। টিফিন ব্ৰেক শেষ হ’লত আমি নিজৰ ঠাইলৈ আহোঁতে গিৰিয়ে অনিতাকো লগত লৈ আহিল। মোৰ কাষত তাইক বহুৱাই সি ক’লে

- এইটো তোমাৰ চিট। আজিৰ পৰা এই বেঞ্চত আমি তিনিটাই বহিম। তুমি পিছৰ চিটলৈ নাযাবা আৰু দেই।

তাই নিজৰ স্থানত বহি সন্মতিৰে মূৰ দুপিয়ালে।

# vote # comment # Share#


Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now