৫২

28 4 1
                                    

😊Thanks for coming inside😊

অভয়ৰ মা মাধবীৰ দৃষ্টিকোণ

এইকেইদিন উঠোতে বহোতে সুধা অভয়ৰ প্ৰশ্নবানে মোক নষ্টালজিয়া কৰি  তুলিছে। অতিতৰ যিবোৰ পৃষ্ঠা পুতি পেলাইছিলো সেইবোৰ সি পুনৰ খান্দি উলিয়ালে। তাক কথাবোৰ কৈ দিছিলো মাত্ৰ এটাৰ বাদে। সেইদিনা ককাইদেউৱে কৰা আচৰণৰ কথা মই তাক ক’ব পৰা নাছিলো। কি আছিল ককাইদেউৰ চকুত তেখেতে কি বিচাৰিছিল! মোৰ এতিয়াও স্পষ্ট মনত আছে তেখেতৰ প্ৰতিটো শব্দ, প্ৰতিটো স্পৰ্শ। সেই স্মৃতিবোৰক হৃদয়তে ময়দাম দিলো। আমাৰ দুয়োৰে বাদে এই কথা আন কোনেও নাজানে।

আজি অভয়ৰ পৰীক্ষা শেষ হ’ল বাবেই সি স্কুলৰ পৰা আহিয়ে ক’ৰবালৈ দৌৰ দিলে৷ মানুজনে বজাৰলৈ ওলাই গৈছে৷ মই ঘৰত অকলে৷ মোৰ মন কামত বহা নাই আজি৷ বাৰে বাৰে অতিতলৈ উৰা মাৰিছে

১৮ বছৰৰ আগৰ কথা।

জাহ্নবী ওলাই যোৱাৰ পাচত মই অকলে ককাইদেউৰ কোঠাত এটা চুকত কুচি মুচি থিয় হৈ ৰ’লো। তেখেতে দুৱাৰ হুকটো লগাই দিলে। এনে ৰূপত তেখেতক মই আগতে কেতিয়াও লগ পোৱা নাই। কি সুধিব ভাবি মোৰ বুকু দুৰুদুৰুকৈ কঁপি উঠিল। দুৱাৰখন বন্ধ কৰাৰ পাচত তেখেতে মোক বিচনাতে বহিবলৈ নিৰ্দেশ দিলে। মই ভয়ে ভয়ে ঠাইতে থিয় হৈ ৰ’লত তেখেতে প্ৰায় খঙেৰে মোৰ এখন হাতত ধৰি চকী এখন টানি বহুৱাই দিলে। তেখেতেও এখন চকী আনি মোৰ সন্মুখত বহি মোৰ চকুলৈ চাই সুধিলে৷

-বৰগোঁহাইক ভাল লাগিছে তোমাৰ?

-কোন? কাক?

-চেহেৰাত ইমান নিৰ্জুতা। তুমি একো বুজা নাই?

-গু গুৱাহাটীৰ কথা কৈছে?

নতুন চাৱনিৰে ককাইদেউ মোলৈ চাই থাকিল৷ মুখেৰে একো নক’লে৷ মই কঁপা কঁপা মাতেৰে ক’লো

- তেখেতক মই চিনি নাপাওঁ৷

- হয়নে? তেন্তে সি তোমাৰ কথা কিয় ক’লে?

- মই নাযানো৷ মোৰ বিয়া ঠিক হৈ আছে বুলি তেখেতে জানিছিল বাবেই চাগে!

- তোমাৰ বিয়া! কেতিয়া? কাৰ লগত? মোক কোনেও একো কোৱা নাই কিয়?

- ককাইদেউ আপুনি

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now