মুখবন্ধ

314 16 12
                                    

RJ অভয়,

পত্ৰে মোৰ ভক্তি আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। মোৰ নাম অভিনীতা। মোৰ বয়স ১৮। কিন্তু মই এটি ৫ বছৰীয়া সন্তানৰ মাতৃ। তাৰো মোৰ দৰে পিতৃ অবিহনে জন্ম আৰু প্ৰতিপালন। আজিৰ পৰা প্ৰায় ১৯ বছৰৰ আগতে মোৰ মাৰ এটা ভুলৰ পৰিণতি মই। আৰু প্ৰায় ৬ বছৰৰ আগত মোৰ দ্বাৰা হোৱা প্ৰায় একেধৰণৰ ভুলৰ পৰিণতি মোৰ সন্তান। তাৰ নাম দীগন্ত। মই মোৰ ভুল শুধৰাবলৈ সুবিধা নাপালো। সেয়ে মোৰ দৰে তাৰো উপাধি নাই।

মোৰ মা আৰু নাই। তেখেতে আজিৰপৰা প্ৰায় ৬ বছৰৰ আগত মোৰ ভুলেটোৰ সংবাদ নাপাওতেই অজান ৰোগত প্ৰথমে শয্যাগত তাৰ পাচত মৃত্যুক আকোৱালি লয়। কিন্তু মোৰ দেউতা এতিয়াও জীৱিত আৰু সুস্থ। মোৰ অস্তিত্বটোত তেখেত অজ্ঞ।

মায়ে কৈছিল, "তোৰ দেউতা বৰ ভাল লৰা আছিল। এতিয়ালৈ চাগে বৰ এটা মানুহ হল। মোক তেখেতে বহুত ভাল পাইছিল। সেই সময়ৰ পৰিস্থিতিয়ে যদি তেওঁক আঁতৰাই নিনিলে হেঁতেন তেন্তে তেখেতে তোক বহুত মৰম কৰিলে হেঁতেন।"

কিন্তু সেই সকলোবোৰ কেৱল হেঁতেন হৈয়ে ৰৈ গ'ল। মোৰ দুৰ্ভাগ্য!

মই যেতিয়া মাৰ কোলালৈ আহিছিলো তেতিয়া মাৰ বয়স ১৭ বছৰ। দেউতা সমবয়সৰ কিন্তু তেখেত তেতিয়া মাৰ কাষত নাছিল। পুঠাই মাক, দেউতাৰ পৰা বহু আঁতৰাই লৈ গৈছিল। মোৰ কোলালৈ যেতিয়া দীগন্ত আহিছিল তেতিয়া মোৰ কাষত কেৱল পুঠা আছিল। মোৰ বয়স আছিল ১৩ বছৰ। মই তেতিয়া বৰ বুজন নাছিলো, মাথো দেখিছিলো পুঠাই মোক ধৰি কান্দিছিল। বহুত কান্দিছিল। তেতিয়া মই একো বুজিব পৰা নাছিলো। এতিয়া পুঠাও নাই। কিন্তু এতিয়া মই বুজো, আৰু বহু কথা বুজো!

বাৰু সেইবোৰ বাদ। সেইবোৰ মোৰ অতীতৰ কথা। মোৰ মনৰ কথাটো হল, মই এবাৰ দেউতাক চাব বিচাৰো। এবাৰৰ বাবে হলেও তেখেতক দেউতা বুলি মাতি চাব বিচাৰো। তেখেতৰ মৰমবোৰ যদি মায়ে কোৱাৰ দৰে তেন্তে সেই মৰম এবাৰৰ বাবে লব বিচাৰো। মোৰ লৰাই যাতে এজন জ্ঞানী অভিভাৱক পাই। সি যাতে এটা ভাল অনুশাসনৰ পৰিবেশ পাই। সিও যাতে ভুল কৰি নেপেলাই। তাৰোপৰি মোৰ দেউতাই তেখেতৰ নাতিৰ লগত ককা-নাতিৰ খেল খেলিবলৈ পাই।

মোৰ ক্ষুদ্ৰ মনৰ এইখিনিয়েই ক্ষুদ্ৰ ইচ্ছা। কিন্তু সেয়া চাগে হৈ নুঠিব কেতিয়াও। যি কি নহওক, আজিলৈ সামৰো। আপোনাৰ শ্বত মোৰ চিঠি পঢ়িলে মই কল কৰিম।

ইতি

আপোনাৰ বিশ্বস্থ

অভিনীতা

********************************************************************************************************

&&&&Please vote, comment and help me share my story if you like it.&&&&

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now