৩২

34 4 1
                                    

প্ৰাৰ্থনাৰ পাচত সকলো নিজ নিজ ক্লাচলৈ আহিলো। মই ইফালে-সিফালে সেই অচিনাকী গৰাকীক দেখা পাও নি চালো কিন্তু নেদেখিলো। আমাৰ প্ৰথম প্ৰিয়দ কলিতা চাৰৰ। প্ৰায় ১২ মিনিটমানৰ পাচত চাৰে হাতত হাজিৰা বহীখন লৈ সোমাই আহিল। আমি সকলো থিয় হৈ তেখেতক সম্ভষণ জনালোঁ। তেনেতে মোৰ চকু ৰাতিপুৱাৰ বগৰীৰ তলৰ অচিনাকীৰ ওপৰত পৰিল। তাই কলিতা চাৰৰ কাষত থিয় হৈ আছে আৰু লগে লগে আমাৰ প্ৰধান চাৰ। মই বুজি পালো মোৰ অভিযোগ দিলে। সেয়ে হেড চাৰ আহিছে বিচাৰ কৰিবলৈ। ক’ব নোৱাৰাকৈ অচিনাকীৰ ওপৰত মোৰ খং উঠি আহিল। তাই তেতিয়াই সকলো হেষ্ট-নেষ্ট নকৰি মোক সকলোৰে আগত অপমানিত কৰিবলৈ কিয় বিচাৰিলে। ভাস্কৰহঁতে মোৰ নতুন চাইকেলৰ ইতিকিং উৰুৱাৰলৈ সুযোগ পাই গ’ল। লগতে কলিতা চাৰৰ এচাৰিৰ কোব আছেই। এক, দুই . . . .  কিমান বা পৰে আজি। ফাট বসুমতি পাতালে যাওঁ যেন অনুভৱ হৈছে মোৰ। এনেতে প্ৰধান চাৰৰ মাতটো মোৰ কাণত পৰিল

- অভয়

মই সেমেনা সেমেনি কৈ নিজৰ ঠাইতে থিয় হৈ ক’লো

- মোক ক্ষমা কৰক চাৰ। মই জানি-বুজি কৰা নাই। বাইদ

মোৰ মুখৰ মাত ইমানেই সৰুকৈ ওলাইছিল যে মই নিজেই ভালদৰে শুনা নাছিলো। মোৰ কাণ- গাল গৰম লাগি গৈছিল। চকুকেইটা চলচলিয়া হৈ আহিছিল। তাৰে বিপৰীতে প্ৰধান চাৰে একেবাৰে কোমল সুৰত মোক সুধিলে

- অভয়। কি হল। গা বেয়া নি তোমাৰ! কিবা কৈছা তুমি?

তেখেতৰ কথাৰ সুৰত মই আচৰিত হৈ এবাৰ তেওঁলৈ আৰু এবাৰ অচিনাকী ছোৱালীজনীলৈ চাই পুনৰ চাৰলৈ চাই একো নাই হোৱা বুলি মূৰ জোকাৰি ঠাইতে থিয় হৈ ৰ’লো।

- অচ্ছা। তুমি বহা। তোমালোক সকলোলৈ মোৰ এটা অনুৰোধ। এই ছোৱালীজনীৰ নাম অনিতা। অনিতা চাংমাই। মোৰ এজন বন্ধুৰ সন্তান। তাই স্কুল ট্ৰান্সফাৰ লৈ আমাৰ ইয়ালৈ আহিছে। নতুন পৰিবেশত মিলিবলৈ তোমালোকে সকলোৱে এইক সহায় কৰিবা।

এইবাৰ চাৰে পুনে পুনে মোলৈ চাই ক’লে

- অভয় তুমি ক্লাচৰ প্ৰথম ল’ৰা। তাইৰ মেডিয়াম পৰিবৰ্তনৰ বাবে অলপ অসুবিধা হৈছে। আশা কৰো তুমি স্পেচিয়েলি তাইৰ অসমীয়া খিনি চাই দিবা। সকলো বিষয় ইংৰাজীত বুজাই দিবা। পাৰিবানে?

- পাৰিম চাৰ।

মোৰ কথাত সন্তুষ্ট হৈ প্ৰধান চাৰ গুচি গ’ল৷ তেওঁ যোৱাৰ পাচত অনিতা আহি মোৰ কাষত থিয় হ’ল। মোৰ কাষত সদায় গিৰি বহে। তাই তাক পিছৰ চিটলৈ যাবলৈ অৰ্দাৰ দিলে। সি এবাৰ তাইলৈ এবাৰ কলিতা চাৰলৈ চাই খঙটো লুকুৱাই মোলৈ চাই মোৰ কাষৰ পৰা উঠি গ’ল। সি যোৱাৰ পাচত অনিতা বুলা অচিনাকী ছোৱালীজনী মোৰ কাষৰ চিটত বহি লৈ মোক মিচিকিয়াই দেখুৱালে। মই কোনো দিন ছোৱালীৰ সংস্পৰ্শলৈ অহা নাই। তাই কাষত বহিলত মই বৰ আচহোৱা অনুভৱ কৰিলো। মোৰ মনলৈ এটাই চিন্তা আহিল যে কেতিয়া কলিতা চাৰৰ ক্লাচ শেষ হয় আৰু মই কেতিয়া ইয়াৰ পৰা আঁতৰ হওঁ।

কলিতা চাৰৰ ক্লাচ শেষ হ’লত চাৰ ওলাই যোৱা মাত্ৰকে মই গিৰিলৈ চাই তাৰ কাষলৈ উঠি যাবলৈ লওঁতেই অনিতাই মোৰ হাতত ধৰি মোক ঠাইতে বহুৱাই দিলে। তাৰ পাচত মোলৈ পুনে পুনে চাই ক’লে

- মোক খুন্দাটো মাৰি চকু মুদি বহি থাকোতেই মই জানিছিলো তুমি কিমান সাহসি। এতিয়া আকৌ পলায়ন কৰিব নালাগে। মনে মনে মোৰ কাষত বহি চাৰে কি পঢ়ালে বুজাত মোক সহায় কৰা। এই চাৰ জনৰ নাম কি?

- কলিতা চাৰ। ৰমেশ কলিতা।

তাইৰ কথাত মন্ত্ৰমুগ্ধৰ দৰে মই ঠাইতে বহি ৰ’লো। একো কোৱাৰ সাহস নহ’ল মোৰ। এনে স্পষ্টবাদী ছোৱালীৰ পাল্লাত আগতে কেতিয়াও পৰা নাই। সেয়ে কিংকৰ্তব্য বিমুৰ হৈ তাইলৈ চাই ৰ’লো। এনেতে বৰকটকী চাৰ ক্লাচলৈ সোমাই আহিল। মই চাৰক সম্ভাষণ জনাবলৈও পাহৰি গ’লো। তাই থিয় হোৱাৰ পৰা মই বহাৰ ফালে চাই তাইও বহি মোক মনে মনে ক’লে

- এতিয়া সময় নহ’ব। টিফিন টাইমত বা চুটিৰ পাচত একঘণ্টা মোক পঢ়াই দিবা। সময় কম। নষ্ট কৰিলে মোৰ বৰ অসুবিধা হ’ব। এইবাৰেই বৰ্ড সেয়ে। তুমি বেয়া নাপাবা ডমিনেটিং হোৱাৰ বাবে। মোক সহায় কৰিবা ন’?

মই তাই প্ৰশ্নৰ উত্তৰত সন্মতি দিয়াৰ বাদে মোৰ উপায় নাছিল। তাইৰ কথা কোৱাত কিবা এটা যাদু আছে যে তাইক না কৰিবই নোৱাৰি।

****Share****vote****comment****

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now