অহা সপ্তাহৰ পৰা আমাৰ টেষ্ট আৰম্ভ। পৰীক্ষাৰ প্ৰস্তুতিৰ উপলক্ষ্য স্কুল বন্ধ দিয়া ২০ দিনমানেই হল। যোৱা কালি গিৰি বায়েকৰ ঘৰলৈ গল। ভিনিয়েক কৰবালৈ গৈছে তাক তাতে দুদিনমান থকাকৈ মাতিছে। অনিতাই তাক এখন টাৰ্গেটৰ লিষ্ট তৈয়াৰ কৰি দি পঠাইছে। যাতে আমি তিনিও সমানে আগবাঢ়ো। সেয়ে এইকেইদিন আমি গিৰিৰ ঘৰলৈ পঢ়িবলৈ যোৱা নাই। আজি আগবেলা পঢ়াৰ পাল অনিতাৰ ঘৰত।
মই ৯মান বজাত যেতিয়া অনিতাৰ ঘৰত ভৰি দিও। সিহঁতৰ ঘৰখনত সুলস্থুল লাগি আছে। কন্দা-কটা। মই পৰিস্থিতি বুজিবলৈ চাইকেলখন বাৰাণ্ডাত থৈ ভিতৰ সোমালো। আণ্টি ফোনটোৰ ওচৰতে বহি লৈ কান্দি আছে। অনিতা কাষত মাটিতে বহি কান্দি আছে। মই গৈ পোৱা কোনেও লক্ষ্য কৰাই নাই। মই গৈ অনিতাৰ কাষত বহি তাইৰ বাহুত হাত দিয়া মাত্ৰে তাই মোৰ বুকুত সোমাই কান্দিবলৈ ধৰিলে। তাইক তেনেকৈ ভাগি পৰা দেখি মোৰ ভাল লগা নাই। বুকুখন কিবা এটা বিষে খুন্দা মাৰি ধৰিছে। কি হৈছে মই ধৰিবও পৰা নাই। এনেতে ফোনটো বাজি উঠিল। আণ্টিয়ে চকু মচি মচি যেনে তেনে উচুপিন ৰাখি ফোনটো ধৰিলে। আমি একপক্ষীয়া কথাবোৰ শুনি থাকিলো
-হেল্ল!
-কেনে আছে তাই!
-সচাঁই কইছানে!
-কোন হস্পিটেলত আছে!
-তুমি কেতিয়া পালাহি!
-আমি ওলাইছো। ৰঘুক মাতিছো। গাড়ী চলাবলৈ।
-অ। অহা সপ্তাহৰ পৰা।
-তাই অকলে কাৰ লগত থাকিব।
-লগৰ ছোৱালী কাক কম!
-ঠিক আছে মই কিবা এটা ব্যৱস্থা কৰিম বাৰু।
-অ হব সোনকালেই ওলাম। মই অকলে যাম। তাইক নিনিও।
ফোনটো থৈ আণ্টিয়ে মোলৈ চাই সুধিলে
-তোমাৰ বা কত!
-তাই হোষ্টেলত।
-অ! অনিতাৰ বায়েকৰ কিবা এক্সিডেণ্ট হৈছে বুলে টাউনত। দেউতাকো আহি আছে কিন্তু পোৱাহি নাই। মোক সোনকালেই যাবলৈ কৈছে। তাইক সঞ্জীৱণিৰ আই. চি. ইউ. ত আছে। ডক্টৰে দেউতাক জনোৱা মতে তাই বৰ্তমান ৰিকভাৰি হৈছে। তথাপি ঘৰৰ মানুহ লাগে কাষত। তোমালোকৰ অহা সপ্তাহৰ পৰা পৰীক্ষা বাবে আঙ্কলে অনিতাক নিবলৈ মানা কৰিছে। গিৰি কত!
-সি বায়েকৰ ঘৰলৈ গৈছে।
-অ! তেন্তে কি কৰা যায়!
-মই থাকি দিম তাইৰ লগত। মাক মাতি দিম ৰাতিলৈ। নহলে অমাৰ ঘৰলৈকে তাইক লৈ যাম!
-মা আহিব পাৰিব! ৰবা মই ফোন এটা কৰি চাও।
আণ্টিয়ে চিন্তিত ভাবে কথাবোৰ কৈ কৈ ফোনৰ ক্ৰেডেলৰ পৰা স্পিকাৰটো তোলি লৈ ঘৰৰ ফোন নম্বাৰ ডাইল কৰি কিছু সময় বাট চালে।
-হেল্ল। মই মাধুৰী।
-মোক তোমাৰ সহায় এটা লাগে
-অনন্যাৰ এক্সিডেণ্ট হৈছে। তাই হস্পিটেলত আছে।
-অ। তুমি বুজিছাইতো। তুমি পাৰিবানি অনিতাৰ লগত থাকি দিবলৈ।
-ঘৰটো তলা লগাই থব পৰা যাব।
-ঠিকে ঠিকে খোৱা বোৱাৰ কথা আছে। ইহঁতি বনাব নাযানিব।
-ঠিক আছে। ধন্যবাদ
ফোনটো থৈ আণ্টিয়ে অনিতালৈ চাই আমাক কলে
-তোমাৰ দেউতাই মাধুৰী পেহীক বেয়া পাই আছে। সেয়ে তাই ইয়াত থাকিবলৈ আহিবলৈ বেয়া পাইছে। তাতে তোমালোকৰ খোৱা-বোৱা বনুৱাৰ কথা আছে। সেয়ে দিনত ইয়াত থকি দুপৰীয়া খোৱাৰ পৰত অভয়ৰ ঘৰলৈ যাবাগৈ। অভয় সন্ধ্যা এবাৰ ঘৰটো চাই যাবাহি।
-হব। আপুনি নিশ্চিন্ত থাকক। আমি আছো।
এনেতে ৰঘু খোৰা পালেহি। আণ্টি লৰালৰিকৈ কাপোৰজোৰ সলাই বেগ এটা লৈ গাড়ীলৈ আগবাঢ়িলে। গাড়ীত উঠি আমাক বিদায় দি অনিতাক কলে
-মা, ভালদৰে থাকিবা। মই ফোন কৰিম। কালিলৈ পুৱা সোনকালে ঘৰলৈ আহিবি। আমি যদি আহিব নোৱাৰো তই পুনৰ অভয়ৰ ঘৰলৈ যাবিগৈ।
-হব মা। তুমি ভালকৈ যোৱা। গৈ পাই বাৰ কণ্ডিচন জনাবা।
-অভয় তুমি অনিতাক চাবা দেই। লগ নেৰিবা।
-আপুনি চিন্তা নকৰিব। মই আছো
মোৰ কথা শেষ হোৱাৰ আগতেই অনিতাই কিবা ভাবি মাকক মাতিলে
-মা
-কি!
-মাধুৰী আণ্টিক দেউতাই কিয় বেয়া পাই।
-সেয়া দীঘল কাহানী
-মই জানিব বিচাৰো।
-ঘূৰি আহি কম। হব
-হব। ভালকে যোৱা। বাই।
এনেতে পদূলিৰ মূৰত গিৰিয়ে চাইকেল ৰখালেহি৷ সি লৰালৰিকৈ আমাৰ ফালে খোজ দিলে৷ গাড়ীৰ কাষত আণ্টি খিৰিকীৰ ওচৰত সি থিয় হৈ ক'লে
- খবৰটো পালে? আপুনি ওলাইছে? অনিতা?
- তোমালোকৰ পৰীক্ষা পালেহি বাবে আঙ্কলে তাইক নিব মানা কৰিলে৷ তুমি ক'ৰবালৈ যাব লৈছিলা যে?
- দেউতালৈ কোনোবাই ফোনত খবৰটো দিলত তেখেতে মোক ইয়াতে থাকিবলৈ পঠিয়াই দিলে৷
- ভাল পালো৷ ভাল হ'ল৷ এতিয়া তোমালোক তিনিটা থাকিব পাৰিবা৷
- পাৰিম৷ আপুনি যাওক৷
আমি তিনিওৱে হয়ভৰ দিলত ৰঘু খোৰাই গাড়ী ষ্টাৰ্ট দিলে। আণ্টিয়ে আমালৈ চাই স্বস্তিৰ উশাহ এটা লৈ গুচি গল।
#Don't forget to vote, comment, Share#