আমাৰ কথাৰ মাজত হাঁহি এটাৰে CEO চাৰে যুগ দিলে

- তোমাৰ মুখ্যবাতৰি আৰ্যই পিছে পৰে কেতিয়াবা বনাব। এতিয়া শুনা অৰ্যৰ কথা। তেখেতে মোক বিয়াৰ নিমন্ত্ৰণ দিবলৈ আহিছে।

- কাৰ বিয়া?

- আৰ্যৰ নিজৰ৷

- শুভেচ্ছা থাকিল। কেতিয়ালৈ

CEO চাৰে মোক কথা কৈ থকাৰ মাজতে মই আৰ্যলৈ পুনৰ হাত আগবঢ়াই ক’লত CEO চাৰে আকৌ ক’লে

- মোৰ লগতে বিয়াৰ নিমন্ত্ৰণ তোমালৈ আৰু আমাৰ ষ্টাফলৈ ও আনিছে। সেয়ে তোমাক মাতি পঠালো। বিয়া ৪ জুলাইত।

আৰ্যই তাৰ বেগৰ পৰা কাৰ্ড এখন উলিয়াই খামটোত কিবা লিখি মোলা আগবঢ়াই দি ক’লে

- আপুনি আহিবই লাগিব। বৰ্তমানেই আপুনি অবিবাহিত যদি কোনোবা আছে কথা দি থোৱা তেন্তে লগত লৈ আহিব। আৰু লগতে আপোনাক টিমটোৰ প্ৰতিজন সদস্যকো লৈ আহিব।

- অভয় তুমি আৰ্যৰ বিয়াৰ আগতেই তেওঁৰ এটা সাক্ষাৎকাৰ তোমাৰ কোনোবা এটা অনুষ্ঠানত নাৰাখা কিয়! বৰ্তমান আৰ্য অসমৰ Most wanted bachelor বোৰৰ এজন নহয় জানো?

CEO চাৰে মোক ধেমলিৰ মাজতে কথাষাৰ ক’লে। মইও সুবিধাটো ধৰি ৰাখিবৰ বাবে লগে লগে ক’লো

- হয় চাৰ, আপুনি ঠিকেই কৈছে। মই আৰ্যক সুধিম বুলিয়ে ভাবিয়ে আছিলো। আৰ্য আপোনাৰ অকণমান মূল্যবান সময় আমাক দিবলৈ বেয়া নিশ্চয় নাপায়!

- অনুগ্ৰহ কৰি এনে কথাৰে মোক লাজ নিদিব। মই ইমান যোগ্য হোৱা নাই।

দাঁত নিকতাই নিলাজ হাঁহি এটাৰে আৰ্যই CEO চাৰলৈ চাই কথাষাৰ ক’লে। কিন্তু সচাঁকৈ প্ৰগ্ৰেমটো মই কেঞ্চেল কৰি দিয়াৰ ভয়ৰ চাৱনিৰে মোলৈ চকু ঘূৰাই CEO চাৰক দেখুৱাই লাহেকে পুনৰ ক’লে

- শৰ্মা চাৰৰ কথা মই পেলাব নোৱাৰো। তেখেতে কৈছে যেতিয়া হৈ যাওক।

- ধন্যবাদ। আপুনি কেতিয়া ফ্ৰি ?

- আপুনি যেতিয়াই মাতে মই সাজিৰ হ’ম। মই আপোনাৰ বাবে এনিটাইম ফ্ৰি।

কাথাষাৰৰ লগে লগে আৰ্যই আশাৰ চাৱনিৰে মোলৈ চাই হাঁহি দেখিলে৷ কিছু সময়ৰ পাচত তেওঁ যাবৰ বাবে থিয় হ’ল। CEO চাৰ আৰু মোৰ লগত কমৰেড কৰি তেখেত যাবলৈ সাজু হ’ল। মই তেখেতৰ লগে লগে খোজ দি চাৰৰ কোঠাৰ পৰা ওলাই আহিলো। কোঠাৰ বাহিৰত বিদায় দিয়াৰ পৰত পুনৰ ক’লো

- Thank you and congress again.

- বিয়ালৈ কিন্তু আহিবই লাগিব। By the way আপোনাৰ অভিনীতাৰ কি হ’ল! মানে দেউতাকক লগ পালেনে?

- অহা মাহত লগ পোৱাৰ কথা তেখেতে উল্লেখ কৰিছে।

- ভাল কথা। দুখ লাগি যায় দেই ছোৱালীজনীলৈ। লগ পোৱাৰ পাচত কি হ’ব আপোনালোকক জনাবনে!

- জনাম বুলি কৈছে। Let’s see কি হয়।

- Ok. লগ পাম। মোৰ এই কাৰ্ডখন ৰাখক। যেতিয়া দৰকাৰ হয় ফোন কৰি দিব মই আহি যাম। পাৰিলে অলপ আগতে ক’ব। আৰু Questionnaire খন মই আগতেই পাম নে! মানে ইমেজ আৰু ইমপ্ৰেচৰ কথা আছেটো৷

- আচলতে আমি আগতিয়াকৈ Questionnaire নিদিও। তথাপি চেষ্টা কৰিম।

হাঁহি এটাৰে কমৰেড কৰি মই আৰ্যক ক’লো। তাৰপাচত তেখেত তেখেতৰ বাটত আৰু মই মোৰ কোঠালৈ ঘূৰি আহিলো।

######**Thanks for reading. Please vote comment and share. It encourage me for further writing.**#######

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now