-নাই কৰা মই একো

-সচাঁ?

-মাত্ৰ এবাৰ এটা দুৰ্ঘটনা হৈছিল বচ।

-এবাৰ! দুৰ্ঘটনা!

-তেতিয়া মই কেৱল ১৭ বছৰীয়া। এটা ১৭ বছৰীয়া ল’ৰাৰ স্পামত সন্তান সৃষ্টি কৰিব পৰা শক্তি থাকে জানো?

আমাৰ কথাৰ মাজতে অভিনীতাই মাত দি ক’লে

-থাকে। দিগন্তৰ সময়ত মোৰ বয়স ১৩ আছিল।

-তই মনে মনে থাক। এইবোৰ চব কিবা খেল। কি হয় ক। সঁচা কথা ক৷

-আপোনাৰ যদি বিশ্বাস হোৱা নাই তেন্তে ডি এন এ টেষ্ট কৰাওক।

-ডি এন এ টেষ্ট!

তাইৰ কথাই মোৰ মগজু ১০০ ডিগ্ৰী চেণ্টিগ্ৰেট গৰম কৰাৰ যেন লাগিল। সেয়ে মই দুই মিনিটমান মনে মনে থকি তাইক খেদি গৈ ক’লো

-কোনে পথাইছে তোক। মোৰ ষ্কেণ্ডেল বনাব বিচাৰিচ। ডি এন এ টেষ্ট কৰিবলৈ গ’লে চেনেলবোৰে এৰিব মোক?

-এইটো লকেট দেখিও আপুনি মই আপোনাৰ ছোৱালী নহয় বুলিয়ে ক’ব বিচাৰে

-কেনেকৈ! সম্ভৱ। ইমান সৰুতে।

আমাৰ কথাৰ মাজতে বিজেনে ক’লে

-ৰ ৰ । এনেকৈ চিঞৰ বাখৰ নকৰিবি। মোৰ ওচৰত এটা সমাধান আছে। আমি কেতিয়াবা জন্তুৰো ডি এন এ টেষ্ট কৰোঁ। সেই টেষ্ট মেচিনটো আছে আমাৰ কলেজত। মই তহঁতৰ ডি এন এ টেষ্ট কৰি দিম। তাৰ পাচত চব ক্লিয়াৰ। তেতিয়া লৈকে তহঁত শান্তিত থাক৷

-কিমান সময় লাগিব?

-এক সপ্তাহ মান লাগিব।

-এক সপ্তাহ। এই এক সপ্তাহ কি ইহঁত মোৰ লগত থাকিব?

-চিন্তা কৰিব নালাগে। তাই তোৰেই ছোৱালী। প্ৰমাণিত হ’লে তাইক ইয়াতে ৰাখিব লাগিব৷ তেতিয়া জানো তই তাইক চাব নালাগিব?

-যদি নহয়৷ তেন্তে দেখুন গোটেই ঘটনা বেলেগ হৈ যাব।

- দেখিছ তোৰো সন্দেহ আছে ৷

- মানে?

- তাই তোৰ ছোৱালী নহয় কোৱাৰ পৰিবৰ্তে কৈছ যদি নহয়৷ যদি

- মুখৰ পৰা ওলাই গ’ল৷ তিই মোৰ ছোৱালী বুলি নোলালে কি কৰিবি৷

আমাৰ কথাৰ মাজতে অভিনীতাই মাত দি কয়

-ওলাবই। মোৰ মায়ে মোক মিছা নকয়। তাকো মৃত্যু শয্যাত।

এইবাৰ মই অলপ শান্ত হৈ বহি গোটেই পৰিস্থিতিটো চিন্তা কৰিলো। কি কৰা যায়। তাৰ পাচত বিজেনক সুধিলো

-তাই এনেকৈ মোৰ ঘৰত থাকিলে মানুহক কি বুলি চিনাকি দিম?

-কিবা উপায় উলিয়াব লাগিব। নহ’লে এই কণমানি জনীয়ে সন্তান কোলাত লৈ ক’ত যাব? এই সপ্তাহ মেনেজ কৰ। পিচত নিজেই মেনেজ হৈ যাব।

- তই বেছি দৰদী হৈ পৰিছ৷ ইমান বছৰে য’ত আছিল তালৈ যাব আৰু কি? ৰিপৰ্ট অহাৰ পাচত তইও গম পাই যাবি৷ এতিয়া মোক বিশ্বাস নকৰ পিছত ফল ভোগিবি৷

- ভয়৷ খং কৰিলেই সকলো তোৰ শুদ্ধ হ’ব এনে নহয়৷ সময়ে শুদ্ধ উত্তৰ এনেও দিব৷ সেই সময়লৈকে ঈশ্বৰে তাইক শক্তি দিয়ক তোক সহ্য কৰিবলৈ৷

- আঁৰে তোৰ হৈছে কি? একেবাৰে মোক দেখিবই নোৱাৰা হ’লি? তাকো এজনী অচিনাকি  ছোৱালীৰ বাবে৷

- তই ভুল কৰিছ৷ তাইক দেখিলে যিকোনো মানুহেই ক’ব তোৰ ৰিলেটিভ বুলি৷ তেনেস্থলত তই কিয় নিজৰ তেজক চিনি পোৱা নাই৷

- তই বৰ চিধা৷ তই বুজি পোৱা নাই এইবোৰ সকলো plunk. এতিয়া যে মোৰ নাম আছে৷ আৰ্য্যই মোৰ নামেৰে পপুলাৰিট

- থ তোৰ নাম৷ নিজ সন্তানক চিনি নাপায় এই নাম কি কামৰ?

মোক কথ শেষ কৰিবলৈ নিদি ধমক দি বিজেনে কোৱা কথাত মোৰো টিঙিচকৈ খং উঠি আহিল৷ মই খঙেৰে উত্তৰ দিলো

- তাই যদি সঁচাকৈ মোৰ জী তেন্তে এতিয়া যেতিয়া প্ৰশান্ত অপবাদ প্ৰচাৰিত হ’ল তেতিয়াহে তাইৰ মোক দেউতাক সজাবলৈ আহিল যে? ইমান বছৰে কি কৰি আছিল?

- সকলো কাম, কথা কোৱাৰ দৰে সহজ নহয়৷ তাই তোক চিনাকি দিবলৈ এতিয়া যে আহিছে৷ তাৰ বাবে তাইৰ ধন্য হ’ব লাগে তই৷ তই ভালদৰে ভাবচোন তোক একো কষ্ট নিদিয়াকৈ তাই নিজে নিজে ডাঙৰ হ’ল৷ না ডাইপাৰ বদলাবলৈ পালি, না টোপনি খতি কৰিলি, না স্কুলৰ ফিজ দিলি৷ তথাপিও তোক তাই চিনাকি দিব আহিছে৷ ইমান সক্ষম এজনী সন্তান পায় তই সুখীহে হ’ব লাগে৷

বিজেনক মই বুজাব নোৱাৰিম বুলি নিশ্চিত হৈ মনে মনে ৰ’লো৷ সিয়েই যেতিয়া মোক বিশ্বাস কৰা নাই তেতিয়া অন্য কৰোৰে পৰা একো আশা কৰিব নোৱাৰি৷ সেয়ে ৰিপৰ্ট নহালৈকে মনে মনে থকাই শ্ৰেষ্ঠতম উপায়৷ তাইও বাহিৰত গৈ মিছা কথাবোৰ পাব্লিছ কৰি ফুৰাতকৈ মোৰ ঘৰতে থাকিলেই ভাল৷ তাকে ভাবি মনে মনে বহি সিহঁতৰ কাৰুকাৰ্য চাই থাকিলো৷

Don't forget to commant.
Vote and share please.🙏

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now