Unspoken - নোকোৱাকৈ থাকি গ'ল

By JanmoonR

4.2K 377 186

I m Abhinita. I am a single mother of 5 years old boy. And I m 19. I was only daughter of my single mother. W... More

Author's note
মুখবন্ধ
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৭
২৮
২৯
৩০
৩১
৩২
৩৩
৩৪
৩৫
৩৬
৩৭
৩৮
৩৯
৪০
৪১
৪২
৪৩
৪৪
৪৫
৪৬
৪৭
৪৮
৪৯
৫০
৫১
৫২
৫৩
৫৪
৫৫
৫৬
৫৭
৫৮
৫৯
৬০
৬১
৬২
৬৩
৬৪
৬৫
৬৬
৬৭
৬৮
৬৯
৭০
৭১
৭২
৭৩
৭৪
৭৫
৭৬
উপসংহাৰ

২৬

51 4 1
By JanmoonR


"মনৰ কথা মুখলৈ"
Episode-19

-Good Morning Guwahati মই RJ অভয়, আপোনালোকৰ প্ৰিয় অনুষ্ঠান মনৰ কথা মুখলৈ ত আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানটো কিছু ব্যতিক্ৰম। ফোনৰ যোগে বিভিন্ন জনৰ মন লোৱাৰ ঠাইত আজি আপোনালোকৰ মাজলৈ এখন পৰিচিত মুখক আমন্ত্ৰণ কৰি আনিছো। যিখন মুখৰ বিষয়ে সকলো অসম বাসীয়ে জনিবলৈ ইচ্ছুক। তেখেত এজন সত্য ব্যক্তি, স্পষ্টবাদী, দৃহ মনৰ অধিকাৰী। তেখেত কেৱল এজন ভাল সাংবাদিকেই নহয়, তেখেত এজন প্ৰেমীকও। গোপন তথ্য উদ্ধাৰ, ভ্ৰস্তাচাৰিৰ মুখা খুলি দিয়া ইত্যাদি কাৰ্যত এইজন পুৰুষ সিদ্ধহস্ত। শ্ৰুতাসকলে নিশ্চয় অনুমান কৰিব পাৰিছেই যে মই কাৰ কথা কৈ আছো। তেখেত আন কোনো নহয়। তেখেত One and Only বাতৰি ২৪*৭ ৰ সাংবাদিক আৰ্য অৰ্ণৱ শইকীয়া।

-Hello আৰ্য। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম।

-ধন্যবাদ অভয়। নমস্কাৰ শ্ৰুতা-বন্ধুসক।

-আমাৰ অনুষ্ঠানৰ নামকৰণ অনুসৰি আমাৰ শ্ৰুতাই আপোনাৰ মনৰ খবৰ জানিবলৈ ইচ্ছুক। আপোনাৰ মনৰ দুৱাৰ খুলি আমাৰ শ্ৰুতাসকলক জনাওক চোন কিছুমান কথা যি কথা কাকো কোৱা নাই।

-মোৰ গোপন কথা বহুত আছে। সেয়ে সকলোৱে কোৱাৰ দৰে লোকৰ গোপন কথা বিচাৰি পোৱাত মই সিদ্ধহস্ত। আটাইবোৰ কথা ক’বলৈ হ’লে আপোনাৰ সময় কমি যাব।

-তথাপি আমাৰ শ্ৰুতাক কিবা এটা জনাওক। যিটো কেতিয়াও তেখেতসকলে শুনা নাই।

-বৰ্তমানৰ মোৰ আটাইতকৈ ডাঙৰ গোপন কথাটো হ’ল, মোৰ বিয়া। অহা মাহত। মোৰ ভাবি পত্নীক মই যোৱা দহোটা বছৰৰ পৰা ভাল পায়ে আহিছো কিন্তু সেই কথা কোনেও নাযানে। আনকি তেখেতেও নাজানে৷

-ওৱাও। ৰুমাণ্টিক। এই ৰুমাণ্টিক মুহূৰ্তটোক ধৰি ৰাখি আহক আমি শ্ৰুতাসকলক এটি গীত শুনাই লও।

দিলিপে মিঠা মিঠা গানটো লগাই দিলে।

-আজি সচাঁই মিঠা মিঠা মন ভৰি পৰিব আৰ্যৰ কথাৰে।আচ্ছা আৰ্য আপোনাৰ ভাবি পত্নীৰ নাম আমাৰ শ্ৰুতা সকলক জনাবলৈ ভাল পাবনে!

-নিশ্চয়। চয়নিকা বৰা।

-আপুনি জনালে আপোনাৰ প্ৰেম দহ বছৰ পুৰণি

-মোৰ বাবে দহ কিন্তু তেখেতৰ এবছৰ।

-মানে

-One side love আছিল। ঈশ্বৰৰ দয়া হ’ল। মোক সাহস দিলে। প্ৰকাশ কৰিব পাৰিলো আৰু তেখেতেও গ্ৰহণ কৰিলে।

-শুনিলে শ্ৰুতা সকল প্ৰয়াস কৰিলেহে কিবা এটা ফল পায়। প্ৰেমত প্ৰকাশ কৰাটো অতি প্ৰয়োজন নহ’লে ই নোকোৱাকৈ হেৰাই যায়। আৰ্যৰ লগত আমাৰ কথাবোৰ এনেদৰেই আগবাঢ়ি থাকিব কিন্তু এতিয়া সময় হৈছে এটি বিৰতিৰ।

বিৰতিত আৰ্যৰ লগতে আমিও একোকাপকৈ কফিৰ সুৱাদ ল’লো। বিৰতিৰ শেষত পুনৰ মই প্ৰস্তুত হ’লো

-বিৰতিৰ পাচত আপোনালোকৰ প্ৰিয় অনুষ্ঠান "মনৰ কথা মুখলৈ"লৈ আপোনালোকক স্বাগতম। আজি আমি কথা পাতি আছো অসমৰ এজন বিশিষ্ট ব্যক্তি আৰ্যৰ লগত। কওকচোন আৰ্য আপোনাৰ মনৰ কথাবোৰ

-হমম। প্ৰায় ১১ বছৰৰ আগৰ কথা। নিকাক মানে চয়নিকা। তাইক মই নিকা বুলি মাতো। তাইক প্ৰথম দেখাতেই মোৰ ভাল লাগি গৈছিল।

-Love at 1st sight .

-হয়। তেতিয়া মানে পঢ়ি থকাৰ সময়ত। আমি লগৰ কেইজন মান মিলি গোস্বামী চাৰ্ভিচত এটা ঘৰ লৈছিলো। মেছ কৰি থকিবলৈ। তাৰে এখন খিড়ীকিৰে নিকাৰ ঘৰৰ বেলকনিখন দেখা পাইছিল।

-অ’। "মেৰে সামনেবালি খিড়ীকি মে"

-ঠিক সেইতুৱে। এই গানটো গাই গাই আমি প্ৰায় আটাইকেইটা সেই খিড়ীকিৰ কাষতে থাকো। এপাক তাইক চাবৰ বাবে। ক্লাচৰ সময়ত ক্লাচলৈ যাও কিন্তু সকলোৰে ক্লাচ টাইমিং বেলেগ। সেয়ে কোনোবা এটা সেই খিড়ীকিত থাকোৱেই। কিন্তু তাই পুৰ্ণিমান জোনৰ দৰে। কেতিয়াবাহে বেলকনিলৈ আহে। আমাৰ সকলোৰে এটা ডিল আছিল যে তাই জাকে ভাল পাব তাৰ বাদে বাকী কোনেও তাৰ মাজত নোসোমায়। তাৰ পাচত আমি সকলো উঠি পৰি লাগি গলো তাইৰ routine জানিবলৈ।

-Ok. Routine খন নিশ্চয় আপুনিয়ে উলিয়ালে।

-নাই। মই নহয়। লগৰ আন এজন আছিল। ৷

-আপোনাতকৈও এক্সপাৰ্ট?

-হা হা। হয়। তাৰ পাচৰ পৰা আমাৰ আৰম্ভ আমাৰ routine মিলোৱাত। তাইলৈ ঠায়ে ঠায়ে waiting। কোন, কত, কেতিয়া! তাৰে কিছু দিনৰ পাচৰে পৰা বিভিন্ন ধৰণেৰে তাইলৈ প্ৰেম প্ৰস্তাৱ দি যোৱা।

-প্ৰথমটো প্ৰস্তাৱ আপুনি দিয়া নাছিল কাৰণ আপুনিত দুবছৰৰ আগতহে তেখেতক আপোনাৰ মনৰ কথা জনালে নহয়নে!

-হয়। প্ৰস্তাৱ মোৰ নাছিল কিন্তু বাহক ময়ে আছিলো।

-বাহক! আপোনাৰ মনে পাৰিছিল অন্য এজনৰ বাৰ্তা নিজৰ প্ৰেমলৈ কঢ়িয়াবলৈ।

-তাতে তিনিটা স্বাৰ্থ আছিল। এক যিমানে তাই ৰিজেক্ট কৰিব সিমানেই মোৰ চাঞ্চ বাঢ়িব।

-অহঃ। তাৰমানে প্ৰস্তাৱ দিওতেই ৰিজেক্ট কৰাৰ চান্সও আপুনিয়ে সৃষ্টি কৰিছিল! আপুনি সচাঁই বৰ ধূৰ্ত। আপোনাৰ কথাৰ মাজতে আহকচোন আপোনাৰ প্ৰিয় "মেৰে সামনেবালি খিড়ীকি মে" গীতটো এবাৰ শুনি লও।

দিলিপে গানটো লগাই দিলে।

-আৰ্য কওকচোন আপোনাৰ অন্য কাৰণ দুটা

-দুই) তাইক এবাৰ ওচৰৰ পৰা চোৱাৰ হেপাঁহ।

-আপুনি বেছ ৰুমাণ্টক ব্যক্তি। তিনি নম্বৰ কাৰণটোও নিশ্চয় তেনে কিবা

-হমম। তিনি নম্বৰটো যদি তাই খঙতে চৰ মাৰে তেন্তে সেই স্পৰ্শৰ অধিকাৰী যাতে মই হও। আন কোনেও সেই সুৱাদ ল’ব নালাগে।

-হা হা। তেনে কিবাও হৈছিল নেকি।

-নাই। তাই বৰ শান্ত প্ৰকৃতিৰ।

-Ok. আপোনাৰ মনৰ কথা এটা এটাকৈ আমি শুনি থাকিম এতিয়া সময় হৈছে পুনৰ এক বিৰতিৰ।

বিৰতিত আৰ্যই অভিনীতাৰ কথা সুধিছিল। তেখেতে এইবাৰ অভিনীতাৰ দেউতাকৰ অৱস্থা বেয়া কৰিব বুলি মই অনুমান কৰিব পাৰিলো তেখেতৰ কথাৰ দ্বাৰা।

-বিৰতিৰ পাচত আপোনালোকৰ প্ৰিয় অনুষ্ঠান "মনৰ কথা মুখলৈ"লৈ আপোনালোকক পুনৰ স্বাগতম। আপোনালোকৰ বিশিষ্ট ব্যক্তি আৰ্যৰ লগত পাতি যোৱা কথাবোৰ আগলৈ শুনি চাও আহক। কওকচোন আৰ্য তাৰ পাচৰ কথাবোৰ

-Ok. এবাৰৰ ঘটনা। এটা ডাঙৰ cadbury chocolate পেকেট লৈ তাইৰ বাবে প্ৰায় দুঘণ্টামান অপেক্ষা কৰিব লগা হৈছিল। মোৰ পকেট খালি আছিল। ৰাতিপুৱাৰে পৰা একো খোৱাও নাছিলো। তেতিয়া আবেলি ৫ বাজিছিল। মোৰ বৰ ভোক লাগিছিল। সেয়ে লুভও বেছিকৈ লাগিছিল। কিমান আৰু পেকেটটোকে চাই থাকিম সেয়ে খুলি দিলো। ভোকত মই বৰ তৃপ্তিৰে এটাৰ পাচতএটাকৈ chocolate খাবলৈ ধৰিলো। এনেতে তাই আহি মোৰ আগত থিয় হ’ল। মই থৎ মৎ খাই তাইলৈ খোলা পেকেটটোকে আগবঢ়াই দিলো আৰু অপৰাধিৰ চাৱনিৰে তাইলৈ চালো। তাই মিচিকি হাঁহি এটা মাৰি পেকেটৰ অৱশিষ্টৰ মাজৰ পৰা বাচি তিনিটা চকলেট লৈ পেকেটটো পুনৰ মোলৈ ঘূৰাই দি ইংগিতেৰে সুধিলে। আজি কাৰ! কিন্তু মোৰ উত্তৰলৈ তাই বাট নাচাই পুনৰ আঁতৰি গ’ল।

-Unique. এনে ঘটনা এইয়ে প্ৰথম শুনিলো। ভাল লাগিল। সেই ভাল লগাৰে সৈতে আহক এটা গান শুনি লও

দিলিপে গান এটা লগাই দিলে।

-আচ্চা আৰ্য। আপোনাৰ বন্ধু সকলে আপোনাক বৰ সাহসী আৰু সচাঁ বন্ধু বুলি ভাবিছিল নহয়নে!

-চাগে। বিয়ালৈ আহিলেহে বুজি পাব মোৰ মনৰ কথা। তেতিয়া জনা হ’লে মোক কেতিয়াও সদায় নপথালে হয়। নতুবা পথালে হয়

-মানে

-তাৰে দুজনমান ভাল বন্ধুৱে মোৰ মনৰ খবৰ পাইছিল। সেয়ে সিহঁত আঁতৰি মোক আগবঢ়াই দিছিল। ইতিমধ্যে প্ৰায়বোৰৰে পঢ়া শেষ হ’লত সংস্থাপন লৈছিল। কিছুমান ঘৰলৈ ঘূৰি গৈছিল। তাইলৈ প্ৰেম প্ৰস্তাৱ দি থাকিবলৈ মোৰ নাম নোহোৱা হ’ল। মইও লাহেকে সৰু সুৰা কামত লাগিলো। কিন্তু তালৈ সময় উলিয়াই কাল্পনিক নামত প্ৰস্তাব দিয়ে থাকিলো। কিন্তু এবছৰৰ আগত এদিন তাইলৈ প্ৰস্তাৱ লৈ যাওতে তাই ক’লে

-কিমান আৰু অন্যৰ নাম ভাবি থাকে। শেৰ সিং কিবা নাম হল নে অসমীয়া ল’ৰাৰ!

মই ক’লো

-নহয় মানে সি বিহাৰী।

-বাদ দিয়ক মিছা ক’বলৈ। যি ক’ব লগা আছে স্পষ্ট কওক।এনেকৈ থকা আমাৰ কেইবাবছৰো হ’ল। দুদিনমানৰ পাচত মা হঁতে ল’ৰা পছন্দ কৰিব। ঘৰলৈ ইতিমধ্যে মোক বিচাৰি মানুহ আহিবলৈ ধৰিছে। মইহে পেলাই আছো।

-তাইৰ কথা শুনি স্বৰ্গ ভাগি মোৰ মূৰত পৰা যেন লাগিছিল। আনন্দতে নে কিবা কাৰণতে মোৰ ভৰিৰ তলৰ মাতি নোহোৱা যেন লাগিছিল

-অ’ তেখেতে সকলো আগতেই গম পাইছিল। অনুমান কৰিব পাৰি তেখেত বৰ স্পষ্টবাদী হোৱাৰ লগতে সাহসীও। তেন্তে তাৰ পাচত আপুনি ক’লে

-হয়। ক’ব লগা হ’ল। সেয়ে অহা মাহত বিয়া।

-আপোনাৰ কাহানীটো সচাঁই uniquex। ভাল লাগিল শুনি। ধন্যবাদ। আপোনাৰ বিবাহিত জীৱন সুন্দৰ আৰু সুখৰ হওক। আমাক আপোনাৰ মূল্যবান সময় দিয়াৰ বাবে ধন্যবাদ।

-ধন্যবাদ অভয়। ধন্যবাদ শ্ৰুতাসকল। আজিলৈ মই বিদায় লও।

-শ্ৰুতাসকল গল্প গল্প যেন লগা আৰ্যৰ কথাবোৰ শুনি নিশ্চয় ভাল পালে। এতিয়া সময় হৈছে এটি গীত শুনাৰ

দিলিপে গান এটা লগাই দিলে।

-শ্ৰুতাসকল আৰ্য গ’ল। তেখেতৰ কাহিনীৰ মিঠা সুৱাদ থৈ গ’ল। আপোনালোকৰ নিশ্চয় মনত আছে কাৰিকৰি বিজুতিৰ ফলত যোৱাবাৰ অভিনীতাৰ লগত পতা কথা আধৰুৱা হোৱাতো। আপোনালোকলৈ এটা ভাল খবৰ যে তাৰ পাচত আমি তেখেতলৈ সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’লো। আহক আপোনালোকে তেখেতৰ কথাবোৰ নিজে এবাৰ শুনি লওক।

দিলিপে অভিনীতাৰ কথাৰ Recording খিনি লগাই দিলে।

-শ্ৰুতাসকল আশা কৰোঁ কেতিয়াবা অভিনীতাক কণ্ঠত আমিও গীত শুনিবলৈ পাম। আহক আমি সকলো মিলি তেখেতলৈ প্ৰাৰ্থনা কৰো। আজিৰ যুৱ প্ৰজন্মই যিটো সময়ত নিজৰ কথা, নিজৰ কেৰিয়াৰৰ কথা ভাবে সেই বয়সতে এই কণমানি অভিনীতা এটি ছয়বছৰীয়া সন্তানৰ অকলশৰীয়া মাতৃ। আহক আমি তেখেতৰ সাহস হও, যাতে তেখেতে নিজৰ Unspoken দেউতাকৰ সন্মুখত বিশ্বাস আৰু সাহসেৰে থিয় হব পাৰে। প্ৰাৰ্থনা কৰো যাতে সেই Unspoken দেউতাকে তাইক স্বীকাৰ কৰে, আকোৱালি লয়। আশা আৰু প্ৰাৰ্থনাৰ বাদে আমি তেখেতক একো দিব নোৱাৰো। লগতে সময় হৈ আহিছে বিদায় লোৱাৰ। এটা গানৰ মধুৰতাৰে মই RJ অভয় CNT FMৰ অনুষ্ঠান মনৰ কথা মুখলৈৰ পৰা আজিৰ বাবে বিদায় মাগিলো পুনৰ একে সময়তে, একে চেনেলতে লগ পোৱাৰ প্ৰতিশ্ৰুতৰে। ধন্যবাদ।

দিলিপে এটা গান লগাই দিলে।

******If u like it than share it please.
******

Continue Reading

You'll Also Like

134K 10.8K 53
🏆🥈2nd in spiritual genre (The award contest 2019) 🏆🥈Runner up in spiritual genre (Choice awards 2019) 🏆 Won the "TSA's community choice Awards"...
638K 19K 47
Meghna was compelled by her family to marry a guy and only after reaching the venue does she come to know that he's none other than her boss. The gir...
2M 119K 43
"You all must have heard that a ray of light is definitely visible in the darkness which takes us towards light. But what if instead of light the dev...
1.2M 15.2K 52
NOT EDITED YET Gracie Owen's a headstrong journalist major rooms with her childhood best friend JJ Anderson for junior year, little does she know she...