Unspoken - নোকোৱাকৈ থাকি গ'ল

By JanmoonR

4.2K 377 186

I m Abhinita. I am a single mother of 5 years old boy. And I m 19. I was only daughter of my single mother. W... More

Author's note
মুখবন্ধ
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
৩২
৩৩
৩৪
৩৫
৩৬
৩৭
৩৮
৩৯
৪০
৪১
৪২
৪৩
৪৪
৪৫
৪৬
৪৭
৪৮
৪৯
৫০
৫১
৫২
৫৩
৫৪
৫৫
৫৬
৫৭
৫৮
৫৯
৬০
৬১
৬২
৬৩
৬৪
৬৫
৬৬
৬৭
৬৮
৬৯
৭০
৭১
৭২
৭৩
৭৪
৭৫
৭৬
উপসংহাৰ

95 5 6
By JanmoonR

-জিমী জিমী জিমী

-কাক মাতিছে? কি লাগে মোৰ পৰা?

জিমী কি নাম এইটো! কুকুৰক মতাৰ দৰে মাতিছেযে! মই চিন্তা কৰি থাকোতেই মোক প্ৰায় খুন্দা মাৰি মস্ত কুকুৰ এটা তাইৰ কাষত থিয় হ'লহি। মই ভাবিলো কুকুৰক কামোৰাই অপৰাধৰ বলি হোৱা বিশ্বত মইয়ে প্ৰথম উদাহৰণ হ'ম। কালিলৈ বাতৰি কাকত মোৰ নাম প্ৰথম পৃষ্ঠাত ডাঙৰ ডাঙৰ আখৰেৰে জিলিকি পৰিব। হে ঈশ্বৰ! আছা যদি ৰক্ষা কৰা। কথা দিছো বাচি গলে চিগাৰেট এৰি দিম। প্ৰভু শুনানা! মই চকু বন্ধ কৰি ভগবানৰ জপ কৰিবলৈ ধৰিলো।

-মই এইক ধৰি আছো। আপুনি সেই পোৱালিকেইটাক তুলি আনক।

-হাঃ

অচিনাকীয়ে কি কৈ আছে মই বুজিবলৈ যত্ন কৰিলো। কি হৈছে মোৰ লগত এইবোৰ কিবা মেকবেথৰ যুদ্ধ শেষৰ যাত্ৰাৰ দৰে অদ্ভুত্। হঠাত্ ৰ'দ হঠাত্ বৰষুণ। হে ঈশ্বৰ! কি হৈছে এইবোৰ! গোটেই পৰিস্থিতি খেলি মেলি দেখি মোৰ চিগাৰেট খোৱাৰ টেন্ডেন্সি বাঢ়ি গ'ল। মনতে আকৌ ঈশ্বৰক ক'লো হে' ভগবান আজি এটা খাম আৰু যদি বাচি যাও চিগাৰেট প্ৰায় কমাই কমাই এদিন এৰি দিম। ভগবানৰ লগত মোৰ কথোপকথনৰ মাজতে আকৌ এষাৰ মাত প্ৰায় দম দিয়াৰ দৰে মোৰ কাণত পৰিল

-চকু মুদি কি কৰি আছে! আপোনাৰ দৰে ভয়াতুৰ মানুহ মই আজি প্ৰথম দেখিছো। সোনকাল কৰক সময় নাই।

এইবাৰ চকু মেলি মই দেৱীগৰাকীলৈ পোনে পোনে চালো। তাই সচাঁকৈয়ে কুকুৰজনীৰ ডিঙিৰ ফিটাডাল ধৰি আছিল আৰু চকুযোৰী মোৰ ওপৰত আছিল। মুখখনত খঙৰ ভাৱ স্পষ্ট আছিল। মই কিং কৰ্তব্য বিমূঢ় হৈ ঠাইতে থিয় হৈ ৰলো।

-এইবাৰ ভেবা লাগি কি চাই আছে? ৰাতি গভীৰ হৈ আছে। ভবা নাই আপুনি? আনক না সোনকালে জিমীৰ পোৱালিকেইটাক তুলি।

কথা কৈ তাই আনখন হাতেৰে কালভাৰ্টটোৰপৰা তললৈ ড্ৰেইনৰ ফালে নামি সদ্য জন্মা কেইটিমান কুকুৰৰ পোৱালি দেখুৱাই দিলে। আজি মোৰ ৩৬তম জন্মদিনৰ দিনা, প্ৰায় মাজ নিশা, এজনী অচিনাকী ছোৱালীৰ কথাত, অচিনাকী ছোৱালীৰ বাবে প্ৰায় ড্ৰেইনৰ পৰা কুকুৰৰ পোৱালি তুলি আনিব লাগে! হে প্ৰভু! এনে দিনও মোৰ বাবে ৰৈ আছিল নে!!! এইবাৰ অচিনাকী ছোৱালীয়ে দাঁত কৰছি কোৱা কথাষাৰত মই তাইলৈ আচৰিত হৈ চালো

-কিয় ৰৈ আছে? ইমান ৰাতি এজনী ধুনীয়া অকলশৰীয়া ছোৱালী আৰু এজন অহংকাৰী নাম থকা ব্যক্তিৰ একেলগে মাজনিশা কালভাৰ্ট এটাৰ কাষত ৰৈ থাকিলে ভাল লাগে জানো?

পুনৰ ধমক! আচৰিতকৈও আচৰিত হোৱাৰ পাল মোৰ। কি পদাৰ্থৰে গঠিত এই দেৱীগৰাকীৰ মগজুটো!! অপহৰণ হৈছে মোৰ! মাজ ৰাষ্টাত খোলা দৰ্জাৰে গাড়ী পৰি আছে মোৰ! ড্ৰেইনত নামিব লাগে মই, আজি মোৰ জন্মদিনৰ দিনা তা - ই - ৰ বাবে কু - কু - ৰ - ৰ পোৱালি বুটলিব লাগে মই! খং উঠিব লাগে কাৰ! তাই দেখাই থকাৰ ফালে চাই বুজিলো- প্ৰিপিয়েচন নকৰাকৈ ফেইল কৰিবলৈ দিয়া পৰীক্ষাৰ সময় মোৰ। তললৈ যোৱা কোনো বাট নাই লগতে তলত ড্ৰেইনৰ পানীত ভৰি নিদিয়াকৈ তলত থিয় হোৱাৰো কোনো উপায় নাই। কেনেকৈ কি কৰোঁ চিন্তা কৰি থাকোতেই আকৌ এটা ধমক কাণত পৰিল। এনেদৰে ধমক দিয়াৰ স্পৰ্ধা! ধমক শুনি থকাৰ ধৈৰ্য নাইকীয়া হৈ গল মোৰ। সেয়ে কি হয় দেখা যাব ভাবি প্ৰথমে জোঁটা-মোজা খুলি কাষলৈ থলো। তাৰপাছত ঈশ্বৰৰ নাম লৈ নামি দিলো। যেনে তেনে মই প্ৰথম পোৱালিটো তাইৰ হাতলৈ তোলি দিলো। তাক লাহেকে মাকৰ ওচৰলৈ নমাই দি তাই এজনী কণমানীৰ দৰে জঁপিয়াই জঁপয়াই হাত চাপৰি বজালে। জোনৰ পোহৰত তাইৰ মুখৰ নিৰ্জুতা স্পষ্ট দেখা গৈছিল। মই তাইলৈ চায়ে ৰৈছিলো। ঊনৈশ বছৰৰ আগৰ মোৰ হৃদয় কাঁচ ভাগি থৈ যোৱা এগৰাকীৰ লগত তাইৰ যেন কিবা মিলে! মুগ্ধ নয়নেৰে মই তাইলৈ চাই ৰ'লো। তাই হাঁহি সামৰি মোলৈ চালে। মোক ইংগিতেৰে তাইক কিবা কব বিচাৰিছোনি সুধিলে। মই চকুৰ পলক জপাই এটা হাঁহিৰে ইংগিততে উত্তৰ দিলো একো নাই বুলি। তাৰ পাছত মই পুনৰ একে কামত নিযুক্ত হলো।

-মোৰ নাম কুঁৱলী। কুঁৱলী বৰগোহাঁঞি। মোৰ ঘৰ ওচৰতে। ক্ষমা কৰিব আপোনাক এনেকৈ আনিলো। (ক্ষন্তেক মৌনতাৰ পাছত) আচলতে মইও ইয়াতকৈ ভাল একো উপায় বিচাৰি পোৱা নাছিলো। মই আপোনাক আগতে কৈ দিয়া হলে আপুনি জানো আহিল হয়!

অপৰাধীৰ দৰে তললৈ মুৰ কৰি, চকুৰে এবাৰ মোৰ মুখলৈ এবাৰ মাটিলৈ চাই কথাখিনি ক'লে। উত্তৰত কি কম ভাবি নাপাই ক'লো

-মই অভয় বৰুৱা।

-গম পালো। CNT Channel ৰ Program Head Cum PRO. আপুনি আহি থাকোতে কৈ আছিল। মনৰ কথা মূখলৈ ৰ Host আপুনিয়ে নহয় জানো?

মই সন্মতিৰে মূৰ দুপিয়ালোঁ।

-মোৰ মা আৰু ভাইটি আপোনাৰ বিগ ফেন হয়।কথা এটা সুধো?

-কি?

-আপুনি অলপ আগতে মোক কি বুলি ভাবিছিলে?

মই তাইৰ প্ৰশ্নটো এভইড কৰিবলৈ লৰা লৰিকৈ চেকেণ্ড পোৱালিটোও তাইৰ হাতত তুলি দিলো। জিমীয়ে মনে মনে বহি আমাক চাই আছিল।তাইৰ পোৱালিকেইটাৰ একো অপকাৰ মই নকৰো বুলি বা তাইৰ মালিকনীৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবে চাগে তাই তেনেকৈ বহি আছিল।

-মই Indigo Airlines ত কৰো। By Profession I am a Pilot. মোৰও নাম আছে। মিছা বদনাম মই ভাল নাপাওঁ। কিন্তু মই পৰিস্থিতিৰ সন্মূখীন হবলৈ জানো। সচাঁটো বুজি পোৱা আৰু বুজাই তোলাৰ সাহস মোৰ আছে।

তাই কথাখিনি কৈ মোৰ চকুলৈ চালে। ঊনৈশ বছৰৰ পাছত একেষাৰ কথা আকৌ এজনী ছোৱালীৰ মুখত শুনি মই হতভম্ব হলো। এটা সুমুনিয়াহ কাঢ়ি মই ক'লো

-Sorry.

-কিহৰ বাবে? আপুনি এজন নৰ্মেল মানুহ। এনে পৰিস্থিতিত সকলোৱে আপোনাৰ দৰেই ৰিয়েক্ট কৰিব। মই হে অলপ এবনৰমেল। মই আপোনাক বেয়া পোৱা নাই নহয়। আপুনিও please মোক ক্ষমা কৰি দিব।

-তোমাক মই বেয়া পাই থকা নাই। You are antic piece. মোৰ ধাৰণা তোমাক কোনেও বেছি সময়লৈ বেয়া পাই থাকিব নোৱাৰে।

-কিয়?

-মোৰ ধাৰণা।

একেবাৰে শেষৰ পোৱালিটো তুলি তাইক গতাই দি মই ওপৰলৈ উঠিবলৈ চেষ্টা কৰোঁতেই তাইৰ হাতৰ পৰা পোৱালিটো পিছলি নলাটোটে পৰি থাকিল। শেষ! পোৱালিটো নলাৰ পানীত ডুবু ডুবু। তাকে দেখি জিমীয়ে ভুকি ভুকি ইফালে সিফালে দৌৰিব ধৰিলে। প্ৰথম ধমক লগাই অৰ্দাৰ দি থকা ছোৱালীজনীয়ে এতিয়া একে ঠাইতে যথৰ হৈ কাতৰ আৰু উপায়হীন এযোৰ নয়নেৰে মোক চাই থাকিল। সেই চাৱনী সহ্য কৰিব নোৱাৰি। সেয়ে মৰণক হৰণ কৰি লেতেৰা পানীখিনিত নামি দিলো। পিছল নলাটোৰ পিছল দুৰ্গন্ধময় পানীৰ মাজেৰে এবাৰ এৰি এবাৰ ধৰি বহু কষ্টেৰে পোৱালিটো পুনৰ ধৰি তাইৰ হাতত তোলি দিলো। এইবাৰ তাই পোৱালিটোক সাৱধানে ধৰি নি মাকক দিলেগৈ। জিমীয়ে তাক চেলেকিব ধৰিলে আৰু বাকী পোৱালি কেইটায়েও তাৰ ওচৰত ৰলিহ। মই ওপৰলৈ উঠি যোৱাত সহায় কৰাৰ উদ্দেশ্যে তাই হাত এখন আগবঢ়াই দিলে। মোৰ লেতেৰা হাতখন দেখুৱাই তাইক নালাগে ইংগিত দিলো। তাইও লেতেৰা পোৱালি দঙা হাতখন আগবঢ়ায়ে থাকিল। সেয়ে হাতখন ধৰি চাপৰ্ট লৈ মই ওপৰলৈ উঠিলো। ওপৰলৈ উঠি নিজকে পৰীক্ষা কৰি দেখিলো যদি এনেকৈ গাড়ী চলাব লাগে কালিলৈ কাম বাঢ়িব অফিচ যোৱাৰ আগত। কাৰণ গাড়ীখন ধূব লাগিব। কুঁৱলিয়ে যেন মোৰ ভাবটো পঢ়িহে পেলালে

-মোৰ ঘৰলৈ বলক প্লিজ। কিবা এটা চেঞ্জ কৰি লব। এই কাপোৰেৰে আপুনি গাড়ীত উঠিব নোৱাৰিব।

দোষী অথচ কৃতজ্ঞ সুৰত তাই কলে

-সেইটো আমাৰ ঘৰ। আপুনি গৈ থাকক মোক চাবিটো দিয়ক।

কি বিচাৰিলে মই ভালদৰে বুজিবলৈ তাইলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালো।

-কি হল? এতিয়াও বিশ্বাস হোৱা নাই নি?

মই তাইলৈ এপলক চাই ৰলো। তাইৰ কথাষাৰ বুজিব পাৰি মুৰ দুপিয়াই এটা মিচিকি হাঁহিৰে মোৰ গাড়ীৰ চাবিটো তাইলৈ আগবঢ়াই দিলো। লগতে মনলৈ অহা ভাবটো কলো

-ইমান পৰে খোলা গাড়ী ৰাষ্টাত থাকিব জানো।

-মই লক কৰিছিলো। সেয়ে থাকিব।

-কেতিয়া? কেনেকে?

-সেইটু মোৰ টেকনিক। আপুনি গৈ থাকক।

তাইৰ ঘৰলৈ আঙুলিয়াই দেখুৱাই তাই জিমীৰ ওচৰলৈ গৈ কিবা কলে। জিমীয়ে লগে লগে লেতেৰা পোৱালিটো মুখত লৈ তাই মোক দেখাই দিয়া ঘৰটোৰ ফালে আগবাঢ়িল। কুঁৱলিয়ে বাকীকেইটা পোৱালি কান্ধত ওলমি থকা বেগটোত ভৰাই মোৰ জোঁটাযোৰ হাতত লৈ আমি এৰি অহা মোৰ গাড়ীৰ ফালে খোজ দিলে।

********************************************************************************************************

&&&&Please vote, comment and help me share my story if you like it.&&&&

Continue Reading

You'll Also Like

1M 79.9K 39
"Why the fuck you let him touch you!!!"he growled while punching the wall behind me 'I am so scared right now what if he hit me like my father did to...
373K 1.4K 2
" If you don't want to cross the barriers then let me do this . Let me give a chance to show you that there is no need you to look for the happiness...
3.4K 307 17
What is love? Is it the light of your life? Or the darkness of the night, where you can't fall asleep? Or, to shades of crimson painted on your fin...
259 86 13
Fall in love with the Art, not the Artist. Kernel is a collection of heartfelt poetries written by me. Thanks for stopping by.