Thanks for coming.
Happy reading.
সেইদিনা মই যেতিয়া থানা পালোগৈ তেতিয়া দেউতাক লকাপত ভৰাই থোৱা দেখিবলৈ পালো। ইমান ডাঙৰ এটা অপমান। দেউতাৰ বাবে বৰ লাজৰ কথা আছিল। তেওঁৰ চকুত সেই কথা স্পষ্ট ফুটি উঠিছিল। মই সোমাই আহোঁতে অনিতাৰ দেউতাকে নিজৰ টেবুলত কিবা ফাইল এটা চাই আছিল। মই দেউতাৰ লকাপৰ সন্মুখত থিয় হৈ তেখেতক মাত দিলো। মোৰ মাতত অনিতাৰ দেউতাকে মোক দেখা পালে৷ তেখেতে মোৰ ফালে খঙত চোচা লৈ আহিল। এটা কথাও নোকোৱাকৈ তেখেতে মোৰ গালত এটা পূৰ্ণহতীয়া চৰ বহুৱাই দিলে। পুলিচৰ বেটডাল লৈ মোক কোবাবলৈ ধৰোঁতেই মা মোৰ গাৰ ওপৰত পৰি দিলেহি। মাক দেখি অনুমান কৰিব পাৰি যে মায়ে দৌৰিয়ে এইখিনি পালেহি। মায়ে অনিতাৰ দেউতাকলৈ চাই কাবৌ-কাকুতি কৰিছিল। কিন্তু অনিতাৰ দেউতাকৰ নিষ্ঠুৰতা আছিল চৰম পৰ্যায়ত। তেখেতে মাক ধৰি উঠাই লেডি পুলিচ এগৰাকীৰ গালৈ থেলি দিছিল। মায়ে হামখুৰি খাই লেডি পুলিচগৰাকীৰ গাত পৰিছল। তাৰ পাচত অনিতাৰ দেউতাকে নিষ্ঠুৰতাৰে মোক কোবাবলৈ ধৰোঁতে লকাপৰ ভিতৰৰ পৰা দেউতাই খঙত চিঞৰি কৈছিল
- চাংমাই পাগল হৈছে নি আপুনি? কিয় এইবোৰ কৰিছে? কি বিচাৰিছে? মিছা অপবাদ কিয় ঢালিছে আমাৰ ল’ৰাৰ ওপৰত? তাৰ লগত আপোনাৰ ছোৱালী নাই৷
দেউতাৰ কথা শুনি তেখেতে এপলো নোৰোৱাকৈ লকাপৰ ভিতৰৰ দেউতালৈ চোচা লৈছিল। লকাপ খুলি দেউতাক উপযোপৰি কোবাবলৈ ধৰিছিল। কাৰ্যটোৰ সহ্যতিত আছিল বাবে মই গৈ তেখেতক পিছফালৰ পৰা ধৰি দেউতাৰ পৰা আঁতৰাই আনি আগলৈ থেলা মাৰি দিছিলো। মোৰ থেলাত তেখেত কথমপি নপৰাকৈ ৰৈ মোলৈ ঘূৰি কিবা ক’বলৈ লওতে মোৰ বাওঁহাতৰ এলব ৰে তেখেতক থেলি নি বেৰত লগাই দিলো। সোঁহাতেৰে মুখত ঘুচা এটা মৰিলো৷ সেই সময়তে মোক কোনোবাই টানি নি এটা চৰ লগাই দিলে। চৰ মৰা ব্যক্তিলৈ খংত চাই অনিতাক দেখি আচৰিত হ’লো। মোৰ দেউতাৰ ইমান অপমানৰ পাচতো তাই মোক চৰ দিলে। এবাৰো পৰিস্থিতি নুবুজিলে। মোৰ তাইৰ ওপৰত ভিষণ খং উঠিছিল। তাইলৈ ঘিণা জাগি আহিছিল।
ইতিমধ্যে বিজেন আহি মোৰ কাষত থিয় দিছিল। গোটেই থানাখন গাওঁৰ মানুহেৰে ভৰি পৰিছিল। সকলোৰে এটাই প্ৰশ্ন যে কিয় প্ৰশান্ত বৰুৱা চাৰক থানালৈ হেণ্ডকাফ লগাই আনিলে! নদীৰ বাণ্ড, ৰাষ্টা নিৰ্মাণ, তিনিখনকৈ স্কুল স্থাপন, কলেজ স্থাপনত আনকি পাব্লিক বাছ প্ৰচলন পৰ্যন্ত গাওঁৰ উন্নয়ন মুখি সকলো কামতে অগ্ৰণী ভুমিকা লোৱা বৰুৱা চাৰৰ অপৰাধ কি!। নিৰক্ষৰ গাওঁৰ লোকসকলক অক্ষৰৰ লগত চিনাকী কৰাই দি ইন্দিৰা গান্ধীৰ কুৰি দফিয়া আঁচনিৰ সুবিধা ল’বলৈ সমল কৰি তোলা বৰুৱা চাৰক এনেদৰে অপমান কৰিবলৈ নতুন অ চি এ সাহস ক’ত পালে!৷
থানাত হুলস্থুল লাগিল। আনকি থানাৰ আন পুলিচসকলেও অনিতাৰ দেউতাকৰ একনায়কত্তাক প্ৰচন্দ কৰা নাছিল। কিন্তু অনিতাৰ দেউতাক এচ পি যে তেখেতসকলৰ হাতত উপায় নাছিল।
ইপিনে মোৰ দেউতা অসুস্থ হৈ পৰিছিল। পৰিস্থিতি এচ পিৰ কণ্ট্ৰলৰ বাহিৰ হৈ যোৱাৰ আগতেই তেওঁ বহাৰ পৰা থিয় হৈ আমাক ঘৰলৈ যাবলৈ নিৰ্দেশ দিলে। মাৰ বহুত খং উঠিছিল সেয়ে তেখেতে অনিতাৰ দেউতাকৰ কলাৰত ধৰি কৈছিলে
- কিয়! কিয়! ককাইদেউ সকলো শেষ কৰি দিলে? আপোনাক ঘিণ কৰোঁ মই।
দেউতাৰ অৱস্থা বৰ সংকটজনক হৈ পৰাত অনিতাৰ দেউতাকো চিন্তিত হৈ পৰিছিল আৰু পুলিচৰ গাড়ীৰে দেউতাক হস্পিটেললৈ লৈ গৈছিল। দেউতাৰ অৱস্থা দেখি গাওঁৰ মানুহ জকি উঠিছিল। থানা ভাঙিবৰ উপক্ৰম হওতেই দেউতাই সকলোকে সিংহামূলৰ একো নকৰিবলৈ অনুৰোধ কৰিলে।
দেউতাই এনে পৰিস্থিতি কেতিয়াও দেখা নাছিল। তেখেত মনে মনে ভাঙি পৰিছিল। সেয়ে মাইনৰ হাৰ্ট এটেক এটা হৈ গৈছিল। তাৰবাবে হস্পিটেলত তেওঁ তিনিদিন থাকিব লগা হৈছিল। তিনি দিনৰ দিনা অনিতাৰ দেউতাক আহিছিল হস্পিটেললৈ। তেওঁ দেউতাক ক্ষমা খুজিবলৈ আহিছিল। নহ’লে যে গাওঁৰ মানুহে তেখেতক শান্তি দিয়া নাছিল। হস্পিটেলৰ পৰা দেউতাক লৈ অনা এক সপ্তাহৰ পাচত শুনিলো অনিতাহঁত গাওঁ এৰি যাবলৈ ওলাইছে। দেউতাকৰ বৰ্তমানৰ কৰ্মস্থান গুৱাহাটিলৈ। তাইক এবাৰ সাৱটি ল’বলৈ, চাবলৈ বৰ মন গৈছিল কিন্তু অভিমানে মোৰ বুকুত ভৰি আছিল। কিয়নু দেউতা হস্পিতেলত থকা তিনি দিনৰ এদিনো অনিতা নাহিল। সেয়ে মইও নগ’লো তাইক বিদায় দিবলৈ।
তাৰ পাচত তাই কেতিয়াও মোৰ ওচৰলৈ নাহিল। তাই মাৰ্কচিট নিবলৈও নাহিল। ৰিজাল্ট আমাৰ স্কুলৰ বৰ ভাল আছিল সেইবাৰ। তাই স্কুলৰ ভিতৰতে প্ৰথম হৈছিল। মোৰ আৰু গিৰিৰো পাৰ্চেণ্টেজ বেয়া নাছিল। তাৰ পাচত গিৰি আৰু মই কটনত পঢ়িবলৈ বুলি গুৱাহাটীত ভৰি দিলো। বিজেন আছিলে বাবে আমাৰ সুবিধা হৈছিল। গুৱাহাটীলৈ আহি মই বহুদিন তাইক বিচাৰিছিলো। কিন্তু একো সংবাদ নাপালো। তাৰ পাচত সংস্থাপন ল’লো। মই মিডিয়াত আৰু গিৰিয়ে বেঙ্কত। কিছু সময়ৰ নিৰবতাৰ পাচত কুঁৱলীয়ে মোক ক’লে
- তাইৰ কথাবোৰ শুনি মই অনুভৱ কৰোঁ তেনেদৰে নোহোৱা হৈ যোৱা ছোৱালী নহয় তাই। কিবা এটা নিশ্চয় ৰহস্য আছেই। আপুনি কেতিয়াও তাইৰ একো খবৰেই নাপালেনি?
- পাইছিলো এবাৰ। গিৰিয়ে এচ বি আই অভয়াপুৰ বঙ্গাইগাওঁত এবছৰৰ বাবে আছিল। প্ৰায় সাত-আঠ বছৰৰ আগৰ কথা। সি চাকৰিত থাকোঁতে এবাৰ অনিতা বেঙ্কলৈ আহিছিল। সেইদিনা বহুত কাষ্টমাৰ থকাৰ বাবে সি তাইৰ লগত বেছি কথা পাতিব নোৱাৰিলে যদিও সি এটা কথা গম পালে যে
- তাইৰ এজনী ছোৱালী আছে। মানে তাই লগত এজনী আঠ-ন বছৰৰ কণমানী ছোৱালী লৈ আহিছিল। সেই ছোৱালীজনীয়ে অনিতাক মা বুলি মতা গিৰিয়ে শুনিছিল।
মোৰ আধা কথাৰ মাজতে বিজেনে কোৱা কথাবোৰ সজম কৰিবলৈ অলপ পৰ মনে মনে ৰ’ল কুঁৱলী। তাৰপাচত তাই পুনৰ সুধিলে
- গিৰিয়ে দেখিলে হৈ গ’ল নেকি? আপুনি এবাৰো বিচাৰি নগ’ল কিয় অনিতাক? কিয় তাই এনে কৰিলে এবাৰলৈ সুধিবলৈ। এতিয়া ক’ত তাই কিবা জানেনে?
- তাই নাই।
- নাই মানে?
- গিৰিয়ে দিয়া খবৰটো পাই মই আৰু বিজেন গৈছিলো তাইক বিচাৰি। সেইদিনা মোৰ জন্মদিন আছিল৷ গিৰিয়েও সেইদিনা চুটি লৈছিল। বহু বিচৰাৰ পাচত কোনোবাই ঘৰ এটা দেখুৱাই দিছিল। আমি গৈ সেই ঘৰৰ আগত ৰওতে ঘৰটোত কন্দা কটা শুনিবলৈ পালো। ঘৰটো মানুহেৰে ভৰি আছিল। কি হৈছে অনুসন্ধান কৰিলত গম পালোঁ যে
মোৰ মুখৰ পৰা কথাবোৰ বাহিৰ কৰিব পৰা নাই এই বিষ এতিয়াও ইমান গভীৰ বুলি আজিহে অনুভৱ কৰিলো। মোৰ কথা বুজি বিজেনে মাত দিলে
- তাতে ৰৈ থকা এজনে ক’লে যে সেইঘৰৰ ছোৱালী জনী ঢুকাল। কি নাম জানিবলৈ বিচৰাত আন এজনে ক’লে অনিতা চাংমাই বুলি।
মই নিজকে সম্বৰ কৰি পুনৰ ক’লো
- অভিমান কৰি আছিলো। দূৰত আছে সুখত আছে বুলি কল্পনা কৰি আছিলো কিন্তু তাই নোহোৱা হোৱাৰ বাতৰি সহ্য কৰিব পৰা নাছিলো।
মোৰ বাওঁ চকুৰ পৰা এটুপাল অশ্ৰু নিগৰি ওলাই আহিল। কুঁৱলীয়ে মোক সাহস দিবৰ বাবে সাৱটি ধৰিলে। বিজেনেও। কিছু নিৰবতাৰ পাচত বিজেনে ক’লে
- খবৰটো পাই সি বমি কৰিবলৈ ধৰিলে। তাৰ পাচত সি সংজ্ঞাহীন হৈ পৰিল। সেয়ে আমি অনিতাক শেষবাৰলৈ নোচোৱাকৈ অভয়ক হস্পিটেললৈ লৈ আনিলো।
Don't forget to commant.
vote and share.