Unspoken - নোকোৱাকৈ থাকি গ'ল

By JanmoonR

4.2K 377 186

I m Abhinita. I am a single mother of 5 years old boy. And I m 19. I was only daughter of my single mother. W... More

Author's note
মুখবন্ধ
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
৩২
৩৩
৩৪
৩৫
৩৬
৩৭
৩৮
৩৯
৪০
৪১
৪২
৪৩
৪৪
৪৫
৪৬
৪৮
৪৯
৫০
৫১
৫২
৫৩
৫৪
৫৫
৫৬
৫৭
৫৮
৫৯
৬০
৬১
৬২
৬৩
৬৪
৬৫
৬৬
৬৭
৬৮
৬৯
৭০
৭১
৭২
৭৩
৭৪
৭৫
৭৬
উপসংহাৰ

৪৭

27 4 1
By JanmoonR


অনিতাই মাটিত পৰি ৰোৱা তাইৰ কাপোৰবোৰ সামৰি তাইৰ ৰুমলৈ দৌৰ দিলে। পৰিস্থিতিটোৱে মোৰ মগজু স্তম্ভিত কৰি পেলালে। মই কিংকৰ্তব্য বিমুৰ হৈ ঠাইতে থিয় হৈ ৰ’লো। আণ্টিয়ে লাহে লাহে বাক ধৰি ধৰি সোমাই আহিল। তেখেতে মোলৈ চাই ক’লে

-অভয় আছা তুমি? গা ধুলা চাগে? গিৰি নাই নি?

এনে অসহায় পৰিস্থিতিত আণ্টিয়ে একেলগে সুধা প্ৰশ্নকেইটা মোৰ কাণেৰে মগজু পাই মই বুজি উঠিবলৈ মোৰ অলপ সময় লাগি গ’ল। বুজি পোৱা মাত্ৰে মই আগবাঢ়ি গৈ বাইদেউক ধৰি খোজ কঢ়াত সহায় কৰি দি উত্তৰ দিলো

-আমি অলপ আগতে পালোহি। আহি ঘৰটো চাফা কৰিলো। মোৰ কাপোৰ লেটেৰা হ’ল। গা ধোওতে ধুই দিলো। গিৰিয়ে ঘৰলৈ গা ধুবলৈ গৈছে।

-অ’। অনিতাই তোমাক পিন্ধিবৰ বাবে একো দিয়া নাই?

-নহয়। মানে

ঘটি যোৱা গোটেই ঘটনাটো চকুৰ আগত ভাঁহি আহিলত মোৰ ভিষণ লাজ লাগি আহিল। মই স্পষ্ট অনুভৱ কৰিব পাৰিছো যে মোৰ কাণ কেইখন ৰঙা পৰি আহিছে। মই লাজ লাজ কৈ কি কম নকম ভাবি ক’লো

-তাই গা ধুবলৈ গ’ল৷

-ঠিক আছে। তুমি বহা মই এইক শুৱাই দি তোমালৈ কিবা এটা লৈ আনো।

আণ্টিয়ে বাক বিচনাত শুৱাই দিলে। মই পুনৰ দ্ৰইং ৰুমলৈ আহিলো। এনেতে আঙ্কল আহি দ্ৰইং ৰুমত সোমাল। তেখেতে সোমায়ে প্ৰথমে মোলৈ তাৰ পাচত মোৰ অবয়বলৈ চালে। তাৰপাচত তেখেতে ৰুমটো পৰীক্ষা কৰি প্ৰায় খঙত মোৰ ফালে চোচা ল’লে। মই তৎ ধৰিবলৈ পোৱাৰ আগতেই তেখেতে মোক কোঁবাবলৈ ধৰিলে। মই বিষত চিঞৰি উঠিলো। লগে লগে আণ্টি আৰু অনিতা ৰুমলৈ সোমাই আহিল। আণ্টিয়ে মাজত সোমাই মোক বচাবলৈ যত্ন কৰিলে। অনিতাও দেউতাকৰ আগত থিয় দিলে। তাইক দেখাৰ মাত্ৰে আঙ্কোল ৰৈ দিলে কিন্তু তেখেতক দেখি স্পষ্ট অনুমান কৰিব পাৰি যে তেখেতৰ অত্যন্ত খং উঠিছে। আঙ্কল মোৰ কাষৰ পৰা আঁতৰি অলপ দূৰত থিয় হ’লত মই ৰুমটোৰ চাৰিওফালে চকু ফূৰালো। মনতে প্ৰশ্ন হ’ল- তেখেতে কিবা গম পালে নি! যদি পালে কি দেখি!

ৰুমটোৰ সোঁফালৰ কোণত অনিতাৰ অন্তঃ আৱৰণ পৰি থকা দেখি মোৰ জীয় চিৰিং কৰি উঠিল। তাৰ পাচত তাৰে অলপ দূৰত বগা টাইলচ লগা ঘৰটোৰ মজিয়াত কেই টুপালমান তেজৰ চেকুঁৰা মোৰ চকুত পৰিল। মোৰ বুজিবলৈ বাকী নৰ’ল। মনলৈ এটাই চিন্তা আহিল যে আজি মোৰ শাস্তি কিমান গম্ভীৰ হ’ব! এনেতে দুৱাৰ মুখত গিৰি থিয় হ’লহি। অনিতাই প্ৰশ্নবোধক দৃষ্টিৰে দেউতাকলৈ চাই দুৱাৰ মুখতে থিয় হৈ আছে। আণ্টিয়ে মই পোৱা আঘাটবোৰ পৰীক্ষা কৰি আছে। মোৰ মুখৰ পৰা ওলোৱা তেজখিনি দেখি তেখেতে খংত আঙ্কলক কৈছে

-কি হ’ল হঠাৎ আপোনাৰ? এনেকৈ আলহীক ব্যৱহাৰ কৰে নেকি! সি ইমান সহায় কৰি থাকে আৰু আপুনি

-তাৰ কাপোৰ কি হ’ল?

আণ্টিক কথা শেষ কৰিবলৈ নিদি আঙ্কলে প্ৰায় গোজৰি উঠিলে। আণ্টিয়েও সমানে গুজৰি ক’লে

-আমি আহিম বাবে ঘৰ চাফা কৰোঁতে লেটেৰা হ’ল। সেয়ে ধুই দিলে। গিৰিয়ে ঘৰত গা ধুবলৈ গ’ল। কিন্তু ই অনিতাক অকলে এৰি নগৈ ইয়াতে ধুলে। অনিতাই

-বচ। মই মূৰ্খ নহয়। মই চব দেখি আছো। বুজিও পাও তোমাতকৈ বেছি। বিশ্বাসঘাটকৰ সন্তান বিশ্বাসঘাটকেই হ’ব।

-কি ক’বলৈ

আঙ্কলে কথাষাৰ কৈ কাকো একো ক’বলৈ নিদি ভিতৰলৈ সোমাই গ’ল। আণ্টিয়ে কথা কৈ কৈ তেওঁৰ পাচে পাচে গ’ল। গিৰি আহি মোৰ কাষত থিয় হ’ল। সি তাৰ প্ৰশ্নবোধক চাৱনিৰে কি হৈছে জানিবলৈ চেষ্টা কৰিলে। মই তাক একো নকৈ সাৱটি ধৰিলো। অনিতাই মোলৈ অসহায় চাৱনিৰে চালে। মই তাইক ইংগিতেৰে তাইৰ অন্তঃবাস আৰু তেজৰ টুকুৰাকেইতা দেখুৱাই দিলো। তাই লৰালৰি দুয়োতা বস্তু চাফা কৰি নিলে। গিৰিক মই সাবটি থকাৰ বাবে সি অনিতাৰ কাৰ্য দেখা নাপালে। কিছু সময়ৰ পাচত আঙ্কল পুনৰ সোমাই আহিল। তেওঁৰ এখন হাতত মোৰ তিতি থকা কাপোৰজোৰ আৰু আনখনত এটা পেকেট। দুয়োতা মোলৈ দলিয়া দি ক’লে

-তোৰ মাৰে দিয়া কাপোৰ তই পিন্ধি ঘৰলৈ ঘূৰি যা। অতিতৰ বহু মিঠা স্মৃতিৰ বাবেহে তোক জীৱিত ৰাখিলো। নহ’লে আজি তোক তোৰ ভুলৰ বাবে ক্ষমা নকৰিলো হয়। আজিৰ পাচত কেতিয়াবা যদি তোক অনিতাৰ আখে-পাখে দেখু তেতিয়া কিন্তু তোৰ মৃত্যুৰ বাবে তই নিজেই দ্বায়ি হ’বি।

-কি হৈছে আপোনাৰ নকয় কিয়!

আণ্টিয়ে ব্যগ্ৰতাৰে তেখেতক সুধা প্ৰশ্নৰ উত্তৰত তেখেতে কয়

-তুমি মাক তুমি বুজা নাই? ইহঁতহালেই কিন্তু ভালদৰেই বুজি পাইছে৷ ছোৱালী চম্ভালা। নহ’লে তাইৰ মৃত্যুৰ কাৰণ তুমি হ’বা।
তাৰপাচত তেখেতে অনিতালৈ চাই খঙতে

-স্বাধীনতাৰ মিছা সুবিধা ল’লা সৰু মা। কিন্তু আজিয়ে কৈ থ’লো দ্বীতিয়বাৰ যদি তহঁতহালক লগত দেখু তাৰ শাস্তি কোনে কেনেকৈ পাব তাৰ হিচাপ কোনেও দিব নোৱাৰিব।

অনিতাৰ পৰা চকু মোলৈ ঘূৰাই তেখেতে আৰু এগুণ বেছি খঙত ক’লে

-তহঁত বাহিৰ হোৱাই নাই এতিয়াও। মোৰ চকু আকৌ তহঁতৰ ওপৰত পৰিলে তহঁতৰ দেহ কোনেও বিচাৰি নাপাব। ওলা।

তেখেতৰ গৰ্জনত আমি বাগৰি মেলি দৌৰ দিলো। ঘৰৰ বাহিৰ ওলাই তেখেতে দলিয়াই দিয়া পেকেটটোৰ পৰা কাপোৰ জোৰ উলিয়া পিন্ধি চাইকেল লৈ চিধা গিৰিৰ ঘৰলৈ পোনাই দিলো। মোৰ এই মানসিক অৱস্থাৰে ঘৰত ভৰি দিয়াৰ সাহস মোৰ নাই।

Please vote, commant & share.

Continue Reading

You'll Also Like

13.5K 1.2K 36
All Shreya has ever wanted was to be able to tell stories... make movies.. not live in one! But we don't always get what we want, right? And sometim...
3.5K 174 44
She is cute He is matured She expresse her feelings... He hides that a lot.... she have a free soul while.... he is absent mind.... she have loved on...
252K 8.9K 49
First Kiss can be earth-shattering and so can 'broken promises', especially when both are sealed and delivered by the one who has held your heart in...
1.1M 84.7K 39
"Why the fuck you let him touch you!!!"he growled while punching the wall behind me 'I am so scared right now what if he hit me like my father did to...